26 C
Guwahati
Wednesday, September 28, 2022
More

    ২৭ বছৰে টিভিৰ পৰ্দাত কাম কৰা অভিনেত্ৰীয়ে ল’লে সন্যাস, ক’লে – এতিয়া মোৰ যাত্ৰা হিমালয়

    ২৭ বছৰে টিভিৰ পৰ্দাত কাম কৰা অভিনেত্ৰীয়ে ল’লে সন্যাস, ক’লে – এতিয়া মোৰ যাত্ৰা হিমালয়। এই সিদ্ধান্তত অভিনেত্ৰীগৰাকীক স্বামীয়েও সন্মত হৈ অনুমতি দিয়া বুলি উল্লেখ কৰে।

    টিভি অভিনেত্ৰী নুপুৰ অলংকাৰে বিগত ২৭ বছৰ ধৰি ভাৰতীয় টেলিভিছন জগতত কাম কৰি আছিল। কিন্তু বৰ্তমানে সেই উদ্যোগ ত্যাগ কৰি সন্ন্যাস ধৰ্ম গ্ৰহন কৰে।

    প্ৰায় তিনি দশক ধৰি দূৰদৰ্শন জগতত সক্ৰিয় হৈ থকা অভিনেত্ৰী নুপুৰ অলংকাৰে অভিনয় জগত ত্যাগ কৰাৰ লগতে সাংসাৰিক জীৱনৰ পৰাও সন্ন্যাস লয়।

    সন্যাস গ্ৰহন কৰি গেৰুৱা পোছাক পৰিধান কৰি দেশৰ বিভিন্ন তীৰ্থস্থান পৰিদৰ্শন কৰাৰ লগতে এতিয়া হিমালয়লৈ যাত্ৰা আৰম্ভ কৰিছে।

    অভিনেত্ৰীগৰাকীে চলিত বছৰৰে ফেব্ৰুৱাৰী মাহত সন্যাস লৈছিল। অভিনেত্ৰীগৰাকীয়ে কোৱা অনুসৰি তেখেতৰ মন সদায় আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহী আছিল আৰু আধ্যাত্মিকতাক অনুসৰণ কৰি আহিছে।

    সেয়েহে এতিয়া নিজকে সম্পূৰ্ণৰূপে ইয়াৰ প্ৰতি সমৰ্পিত কৰাৰ সময় আহি পৰাৰ কথা কয় নুপুৰে। লগতে ইয়াক এক ‘ডাঙৰ পদক্ষেপ’ বুলি অভিহিত কৰি অনতিপলমে হিমালয় যাত্ৰা আৰম্ভ কৰাৰ কথা উল্লেখ কৰে।

    লগতে অভিনয়ৰ কথা কয় যে , তেখেতৰ জীৱনত এতিয়া আৰু নাটক-অভিনয়ৰ কোনো স্থান নাই। বৰ্তমানে তেখেত সম্পূৰ্ণ শান্তিত থকা বুলিও উল্লেখ কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং