
আমেৰিকাৰ ৰাজনীতিত তুলসী গাবাৰ্ড আৰু হিলাৰী ক্লিণ্টনৰ মতানৈক্য উঠিছে তুংগত। ডেমক্রেটিক সাংসদ তুলসী গাবার্ডে হিলাৰী ক্লিণ্টনৰ বিৰুদ্ধে তুলিছে ৫০ নিযুত ডলাৰৰ মানহানিৰ গোচৰ। বৰ্তমান এই কথাই আমেৰিকাৰ ৰাজনৈতিক মহলত সৃষ্টি কৰিছে খলকনি। উল্লেখ্য যে তুলসী গাবার্ড মার্কিন কংগ্রেছলৈ নির্বাচিত হোৱা প্রথমগৰাকী হিন্দু আমেৰিকান মহিলা। গাবার্ডে অভিযোগ কৰা অনুসৰি হিলাৰীয়ে তেওঁক ‘ৰাছিয়ান সম্পদ’ আখ্যা দি অপমান কৰিছে।
আমেৰিকাত তুলসী গাবার্ডৰ ভাৱমূর্তি ম্লান কৰিবলৈ হিলাৰী ক্লিণ্টনে পূৰ্বৰে পৰা চেষ্টা চলাই আহিছে বুলি অভিযোগ গাবার্ডৰ। এতিয়া মানহাট্টন ফেডাৰেল আদালতত হিলাৰীৰ বিৰুদ্ধে তুলসী গাবার্ডে গোচৰ ৰুজু কৰাৰ পিছতে হিলাৰী ক্লিণ্টনে সকলো অভিযোগ অস্বীকাৰ কৰিছে৷

২০১৬ চনত মার্কিন ৰাষ্ট্রপতি নির্বাচনত ডেমক্রেটিক পাৰ্টীৰ প্রার্থিত্বৰ দৌৰত হিলাৰী অৱতীর্ণ হোৱাৰ সময়ৰে পৰা নেত্রীগৰাকীৰ সৈতে তুলসী গাবার্ডৰ বিভিন্ন বিষয়ক লৈ মতানৈক্যৰ সৃষ্টি হৈ আহিছিল।
২০১৬ত হিলাৰী ক্লিণ্টন ডেমক্রেটিক পার্টীৰ ৰাষ্ট্রপতি পদৰ প্রার্থী হিচাপে নির্বাচিত হোৱাৰ সময়তে তুলসী গাবার্ডে ডেমক্রেটিক নেচনেল কমিটীৰ উপাধ্যক্ষৰ পৰা পদত্যাগ কৰিছিল৷ দুয়োগৰাকী শীৰ্ষস্থানীয় নেত্ৰীৰ এই বিবাদে এতিয়া চৰ্চা লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত।
Photo Credit: CNN.COM