ত্ৰিপুৰাৰ অটো চালকে দাঙি ধৰিছে সততাৰ ডাঙৰ উদাহৰণ, অসমৰ যুৱকৰ হেৰাই যোৱা সামগ্ৰী উভতাই পঠাইছে

0
125

ত্ৰিপুৰাৰ অটো চালকে দাঙি ধৰিছে সততাৰ ডাঙৰ উদাহৰণ, অসমৰ যুৱকৰ হেৰাই যোৱা সামগ্ৰী উভতাই পঠাইছে। যি কাৰ্যৰ বাবে এতিয়া প্ৰসংসাৰ পাত্ৰ হৈ পৰিছে অটো চালকগৰাকী।

ত্ৰিপুৰাৰ ৰাজধানী আগৰতলা চহৰৰ উপ-নগৰঅঞ্চলৰ এজন অটো-ৰিক্সা চালকে অসমৰ এজন যুৱকক হেৰাই যোৱা মূল্যৱান সামগ্ৰী ঘূৰাই দি সততাৰ উদাহৰণ দাঙি ধৰিছে।

অসমৰ তেজপুৰৰ বাসিন্দা কিৰণ শৰ্মাই তেওঁৰ কনিষ্ঠ ভগ্নীৰ নামভৰ্তিৰ বাবে ত্ৰিপুৰা বিশ্ববিদ্যালয়লৈ গৈছিল। পাছত কামৰ অন্তত উবেৰ অটো বুক কৰি অসমলৈ অহাৰ বাবে বাছ ষ্টেণ্ডলৈ আহিছিল।

পাছে সেই অটো খনতে অসমৰ লোকগৰাকীয়ে এৰি থৈ আহে নিজৰ প্ৰয়োজনীয় কাগজ-পত্ৰৰ লগতে কেমেৰা থকা বেগটো।

তেজপুৰৰ কিৰণ শৰ্মাক নমাই থৈ উভতি যাওতেই অটো চালত সমীৰ দাসে দেখা পাই অটোৰ ভিতৰত থকা বেগটো। লগে লগে অকনো সময় নষ্ট নকৰি সমীৰে পূব আগৰতলা আৰক্ষী থানালৈ গৈ বেগটো জমা দি দিয়ে।

ঘটনাৰ বিষয়ে জানিব পাৰি পূব আগৰতলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (অ’চি) ৰাণা চেটাৰ্জীয়ে অটো-ৰিক্সা চালক সমীৰ দাসৰ কৰ্মৰ প্ৰশংসা কৰে আৰু ফুলেৰে সম্বৰ্ধনা জনায়।

পাছত আৰক্ষী থানাৰ পৰা তেজপুৰৰ কিৰণ শৰ্মাক যোগাযোগ কৰি থানাৰ পৰা বেগটো সংগ্ৰহ কৰাৰ বাবে কয়।