20 C
Guwahati
Tuesday, April 13, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    নেপাল আৰু শ্ৰীলংকাটো বিজেপি চৰকাৰ বনোৱাৰ পৰিকল্পনা অমিত শ্বাহৰ- বিপ্লৱ দেৱ

    ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ অদ্ভূত মন্তব্য – কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে হেনো কেৱল ভাৰততে নহয়, নেপাল আৰু শ্ৰীলংকাটো বিজেপি চৰকাৰ বনোৱাৰ পৰিকল্পনা কৰিছে।

    আগৰতলাত হোৱা এক কাৰ্যসূচীত এইদৰে মন্তব্য আগবঢ়ায় বিপ্লৱ দেৱে। তেখেতে কয় ভাৰতৰ লগতে চুবুৰীয়া দেশতো বিজেপি চৰকাৰ বিস্তাৰিত কৰাৰ পৰিকল্পনা।

    মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, এই মন্তব্য তেওঁৰ নিজৰ নহয়। অমিত শ্বাহে নিজে কোৱা কথা। দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ হৈ থকা সময়ত ২০১৮ চনত এই কথা কৈছিল বিপ্লৱ দেৱৰ সমুখত।

    এক দলীয় বৈঠকৰ সময়তে বিপ্লৱ দেৱৰ সৈতে হোৱা আলোচনাত কৈছিল যে, ভাৰতৰ সকলো ৰাজ্যতে বিজেপিৰ চৰকাৰ হোৱাৰ পিছত চুবুৰীয়া দেশতো বিজেপি চৰকাৰ কৰাৰ পৰিকল্পনাৰ কথা কৈছিল।

    এই মন্তব্য আগবঢ়োৱাৰ পিছতে বিজেপিৰ লগতে কংগ্ৰেছেও এয়া মনে সজা কথা আখ্যা দিছে।

    Photo Credit: Outlook India

    আৰু পঢ়ক : নৱ বিবাহিতা বোৱাৰীৰ ৰহস্যজনক মৃত্যু, হাস্পতালত এৰি পলায়ন স্বামীৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং