
সমাগত নিৰ্বাচনঃ ভোট দি জয়যুক্ত কৰিলে চন্দ্ৰ যাত্ৰাৰ পৰিকল্পনা, হেলিকপ্তাৰ, ঘৰৰ কামৰ বাবে ৰবট, প্ৰতি ঘৰে ঘৰে সোণ আৰু এখনকৈ গাড়ী দিয়াৰ প্ৰতিশ্ৰুতি প্ৰাৰ্থীৰ
দেশৰ ৫ খন ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ উঠি পৰি লাগিছে।
তামিলনাডুৰ নিৰ্বাচনী যুঁজত প্ৰতিদিনে প্ৰাৰ্থীৰ ভিন্ন ভিন্ন প্ৰতিশ্ৰুতিয়ে ভোটাৰক আচৰিত কৰি তুলিছে।
দক্ষিণ মাদুৰাই সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী থুলাম শ্ৰৱণনে ডাষ্টবিন প্ৰতীক চিহ্নত ভোট দিবলৈ কয় ভোটাৰক উদ্দেশ্যি কয় যে –“মই এখন হেলিকপ্তাৰ, সমষ্টিটোৰ কাৰণে তিনিমহলীয়া এটা কৃত্ৰিম বৰফৰ ঘৰ, এলেকাটোত এটা ৰকেট লাওন্সপেড, প্ৰতি ঘৰ লোকৰ লোকৰ কাৰমে এখনকৈ গাড়ী, যুৱতীৰ বিয়াৰ বাবে সোণ, ইয়াৰ উপৰিও ভোটাৰ ৰাইজক চন্দ্ৰলৈ ফুৰাবলৈ নিয়াৰ পৰিকল্পনাও কৰিছো।”
প্ৰাৰ্থীগৰাকীয়ে লগতে কয়-“মোৰ প্ৰতিশ্ৰুতিয়ে ভোটাৰক সহজে আকৰ্ষণ কৰিব পাৰিব। মোৰ প্ৰতিশ্ৰুতিক লৈ প্ৰশ্ন উত্থাপন হৈছে। মোক জনসাধাৰণে এই প্ৰতিশ্ৰুতি ৰখাটো সম্ভৱনে বুলি বহুতো প্ৰশ্ন সুধিছে। মই ভাবো এই কাৰ্য সম্ভৱপৰ আৰু মই জয়যুক্ত হ’লে মই মোৰ প্ৰতিশ্ৰুতি ৰাখিম।”
ইয়াৰ পিছতে এই মন্তব্যই সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চা লাভ কৰিছে।
আৰু পঢ়ক : অমিতাভ-ৰনবীৰ-আলিয়াৰ সৈতে কাম কৰা সুস্মিতা এতিয়া মম’ বিক্ৰেতা