26 C
Guwahati
Thursday, September 16, 2021
More

    কংগ্ৰেছ এৰি তৃণমূলত যোগ দিয়া সুস্মিতা দেৱক ৰাজ্যসভালৈ পঠিয়াব মমতা বেনাৰ্জীয়ে

    তৃণমূল কংগ্ৰেছত যোগদান কৰা প্ৰাক্তন কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱক ৰাজ্যসভা আসনৰ বাবে মনোনীত কৰা হৈছে। দলটোৱে মঙলবাৰে টুইটযোগে এই কথা জনায়।

    তৃণমূলৰ ফালৰ পৰা কৰা টুইটটোত কোৱা হয়, ‘মহিলাসকলক শক্তিশালী কৰা আৰু ৰাজনীতিত তেওঁলোকৰ সৰ্বাধিক অংশগ্ৰহণ নিশ্চিত কৰাত মমতা বেনাৰ্জীৰ দৃষ্টিভংগীয়ে আমাৰ সমাজক আৰু অধিক সহায় কৰিব’।

    উল্লেখ্য যে যোৱা ১৬ আগষ্টত কংগ্ৰেছ দল এৰি মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল সুস্মিতা দেৱে।

    ধাৰণা কৰা অনুসৰি, বেংগলত খালী হৈ থকা আসনখনৰ পৰা সুস্মিতা দেৱক ৰাজ্যসভালৈ প্ৰেৰণ কৰিব তৃণমূলে।

    তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন সাংসদ মানস ভূঞাই বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পিছৰে পৰা আসনখন খালী হৈ আছিল।  

    আৰু পঢ়ক : পৰিৱেশ সজাগতাৰ বাবে চাইকেল যাত্ৰা কৰি এগৰাকী শিক্ষকৰ ওচৰত নিৰ্যাতনৰ বলি ৫ কিশোৰ, শিক্ষক আটক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং