নৃশংস হত্যাকাণ্ড!প্ৰথমে ধৰ্ষণ, পিছত হত্যা কৰি কিশোৰীৰ মৃতদেহ ওলমাই থলে গছত

0
57

নৃশংস হত্যাকাণ্ড!প্ৰথমে ধৰ্ষণ, পিছত হত্যা কৰি কিশোৰীৰ মৃতদেহ ওলমাই থলে গছত

ঝাৰখণ্ডৰ ডুমকাত এক নৃশংস ঘটনা সংঘটিত হৈছে। এগৰাকী জনজাতীয় কিশোৰক হত্যা কৰি মৃতদেহ ওলমাই থলে গছত।

ঘটনাটো বিশ্ববিদ্যাআৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত শ্ৰীমাদাত সংঘটিত হৈছে। জানিব পৰা মতে শুকুৰবাৰে ৰাতিপুৱা এজন ব্যক্তিয়ে ৰাস্তাদি গৈ থাকোতে ৰাস্তাৰ কাষৰ এজোপা গছত এটা মৃতদেহ ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে।

লগে লগে তেওঁৰ আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে তদন্ত কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে দিয়া তথ্য মতে কিশোৰীগৰাকীৰ ঘৰ ডুমকাৰ জামাতত।

কিশোৰীগৰাকীৰ বয়স ১৪ বছৰ। কিশোৰীগৰাকীয়ে মাহীয়োকৰ ঘৰত কাম কৰে। অভিযোগ অনুসৰি মাহীয়েকৰ ঘৰত থকাৰ সময়তে কিশোৰীগৰাকীক এজন যুৱকে প্ৰেমৰ জালত ফচাই ।

কিশোৰীগৰাকী পাঁচ মাহত গৰ্ভৱতী আছিল।যুৱক জনে এই কথা গম পোৱাৰ পিছত ষড়যন্ত্ৰ কৰি আদিবাসী কিশোৰীগৰাকীক হত্যা কৰে।

হত্যা কৰি ঘটনাটো আত্মহত্যাৰ ৰূপ দিবলৈ মৃতদেহটো এজোপা গছত ওলমাই থয়।অৱশ্যে আৰক্ষীয়ে তদন্ত কৰি যুৱকজনক গ্ৰেপ্তাৰ কৰিছে।