বাছেৰে বিভিন্ন দেশ ভ্ৰমণ কৰিবলৈ বিচাৰে নেকি? তেন্তে আপোনাৰ বাবে আছে এক ভাল খবৰ।
ভাৰতীয় মল্লযুজাঁৰু লাভাংশু শৰ্মাই ঋষিকেশৰ পৰা লণ্ডনলৈকে বাছ যাত্ৰাৰ এখন আঁচনি তৈয়াৰ কৰিছে। বিশ্ব পৰ্যটন দিৱস উপলক্ষে ৭৫ দিনত ২০ খন দেশ ভ্ৰমণ কৰিব এই বিশেষ বাছখনে।
এ এন আইৰ তথ্য অনুসৰি, কেৱল ২০জন যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব এই ভ্ৰমণত। ‘অমূল্য যাত্ৰা’ নামেৰে নামকৰণ কৰা এই যাত্ৰা আগন্তুক ২০২১চনৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।
ঋষিকেশৰ পৰা আৰম্ভ কৰি লণ্ডণত শেষ হ’বলগীয়া এই যাত্ৰা ইম্ফলৰ পৰা আৰম্ভ কৰি ম্যানমাৰত প্ৰৱেশ কৰি থাইলেণ্ড, লাওছ, চীন, কাজাকাস্তান, উজবেকিস্তানলৈ যাত্ৰা কৰিব।
তাৰ পাছতে উজবেকিস্তান,লাতভিয়া,পোলেণ্ড অষ্ট্ৰিয়া,জাৰ্মানী, ফ্ৰা়ঞ্চ হৈ ইংলেণ্ড যাত্ৰা কৰিব এই বাছখনে। এই ভ্ৰমণৰ সময়ছোৱাত ভাৰতৰ বিভিন্ন মহত্বপূৰ্ণ পৰ্যটনক্ষেত্ৰসমুহৰ বিষয়ে জনোৱা হ’ব। এই যাত্ৰাৰ উদ্দেশ্য হৈছে বিদেশী পৰ্যটকসকল ভাৰতীয় পৰ্যটন থলীসমূহৰ বিষয়ে অৱগত কৰোৱা আৰু বিশ্বৰ দৰবাৰত প্ৰসাৰ কৰা।
Photo Credit: Aaj tak