28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ট্ৰান্সজেণ্ডাৰ নিক্কীৰ আচৰিত পৰিৱৰ্তন, পিছে কৰণ জোহৰে হেনো ১ কোটি অফাৰ কৰিলেও ছবিত কাম নকৰে

    ট্ৰান্সজেণ্ডাৰ নিক্কীৰ আচৰিত পৰিৱৰ্তন, পিছে কৰণ জোহৰে হেনো ১ কোটি অফাৰ কৰিলেও ছবিত কাম নকৰে

    দেশৰ কেইবাটাও ৰিয়েলিটী শ্বো কৰা নিক্কী চাওলাই এইবাৰ লৈ আহি আছে নিজৰেই এক ৰিয়েলিটী শ্বো। য’ত স্থান পাব তেওঁৰ দৰেই লোকসকলে। এই শ্বোত কোনো ধৰণৰ তাৰতা নাথাকে। যাৰ বাবে নিক্কীয়ে নিজকে আচৰিত ধৰণে সলাই পেলাইছে।

    বডী ট্ৰান্সফোৰমাৰ কৰি এনে ৰূপ লৈছে যত নিক্কী চাওলাক দেখিবলৈ কোনো সুন্দৰী গাভৰুৰ দৰে দেখা হৈছে। মুখাৱয়বৰ পৰা আৰম্ভ কৰি শৰীৰৰ গঠন সকলোতে কেৱল সুন্দৰতাৰ আৰু লয়লাসৰ পয়োভৰ।

    সেই নিক্কীয়ে এতিয়া এক নিজৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ গৈ আছে। পিছে সেয়া নিক্কীৰ নিজা ইনষ্টাগ্ৰাম একাউণ্টত হে দেখা পোৱা যাব। সেই অনুষ্ঠানত কেইবাটাও শিতানত প্ৰকাশ পাব।

    প্ৰথমেই স্থান পাব নিক্কীৰ দৰেই ট্ৰান্সজেণ্ডাৰ আৰু তৃতীয় লিংগৰ লোকে। যিয়ে সদায় সমাজত নিজৰ সন্মানৰ বাবে যুঁজ দিব লগা হয়। তাৰ পিছতে স্থান পাব মহিলাই আৰু শেষত পুৰুষে। কিয়নো আজিৰ দিনত বহুতো পুৰুষেও অত্যাচাৰৰ বলি হয়।

    ইতিমধ্যে বোলছবিৰ লগতে, ছুটি ছবি আৰু অটিটি প্লেটফৰ্মতো কাম কৰা নিক্কীয়ে লগতে জানিবলৈ দিয়ে যে, তেওঁ কোনোদিনে কৰণ জোহৰৰ লগত কাম নকৰে। লাগিলে তেওঁক ১ কোটি টকা অফাৰৰেই নকৰক কিয়।

    কিয়নো কৰণ জোহৰৰ দৰে লোকে সদায় নিজৰ বোলছবিত ট্ৰান্সজেণ্ডাৰ আৰু তৃতীয় লিংগৰ লোকক কেৱল ভিখাৰী বা যৌন কৰ্মী হিচাপে দেখুৱাই।

    আৰু পঢ়ক : কোকৰাঝাৰত নাথ-যোগী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস পালন; বিভিন্ন দাবী উত্থাপন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং