মহানগৰীৰ পাৰ্শ্বৱৰ্তী ক্ষেত্ৰীক ভয়ংকৰ অঘটন, ৰে’লৰ খুন্দাত একেলগে প্ৰাণ হেৰুৱালে দম্পতীয়ে।
কামৰূপ মহানগৰৰ অন্তৰ্গত ডিম’ৰিয়াৰ গাঁও ক্ষেত্রীত এক অতিকে শোকাৱহ ঘটনা সংঘটিত হয়। ক্ষেত্ৰীৰ উলুবামত সংঘটিত হোৱা এই শোকাৱহ ঘটনাত একেলগে প্ৰাণ হেৰুৱাই এহাল দম্পতীয়ে।
নামনিমুৱা কলং-কপিলী এক্সপ্রেছৰ খুন্দাত প্ৰাণ হেৰুৱাই দম্পতীহালে। আজি ৫ আগষ্টৰ সন্ধিয়া সংঘটিত হয় এই কৰুণ ঘটনা।
কৰুণভাৱে একেলগে মৃত্যুক সাৱটি লোৱা স্বামী-স্ত্ৰী হালৰ নাম ৰাজৱী পাহাৰীয়া আৰু চন্দ্রমা চেত্রী বুলি জানিব পৰা গৈছে।
প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি স্বামী-হালে একেলগে ৰে’ল আলি পাৰ হব লওতেই কলং-কপিলী এক্সপ্রেছে মহতিয়াই নিয়ো দুয়োকে। স্বামী-স্ত্ৰী হালৰ ঘৰ ক্ষেত্রীৰ ২নং সেনাবৰত বুলি জানিব পৰা গৈছে।