
আজি শিলচৰৰ ৰাজপথত সংঘটিত হোৱা এক ভয়ংকৰ দুৰ্ঘটনাত ঘটনা স্থলীত প্ৰাণ হেৰুৱালে এগৰাকী টেট শিক্ষয়িত্ৰীয়ে।
সহকৰ্মী শিক্ষকৰ বাইকত উঠি স্কুলৰ পৰা ঘৰত উভতি অহাৰ সময়ত সংঘটিত হয় দুৰ্ঘটনা।
শিলচৰ কালাইন তোপখানা স্থিত পেট্ৰল পাম্পৰ সমীপত বিপৰীত দিশৰ পৰা আহি থকা মাৰুতি বাহনৰ খুন্দাত পথৰ মাজতে বাগৰি পৰে বাইক আৰোহী দুজনে।
ফলত ঘটনা স্থলীত মৃত্যুক সাৱটি ললে টেট শিক্ষয়িত্ৰী শৰ্মিষ্ঠা নাথ। বাইক চালক শিক্ষকজনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।