দলিবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু তুলসী দে’ৰ

0
963
প্ৰতিনিধিত্বমূলক চিত্ৰ

দৰঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দলিবাৰীত আজি সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয়।

তীব্ৰবেগী ট্ৰাকৰ খুন্দাত বাইক লৈ অহা এজন আৰোহীৰ কৰুণ মৃত্যু হয়।

মৃত্যু হোৱা বাইক আৰোহীজন ছিপাঝাৰ ৰাজহ চক্ৰ বিভাগৰ কৰ্মচাৰী তুলসী দে বুলি চিনাক্ত কৰা হয়।

দুৰ্ঘটনাগ্ৰস্ত দুচকীয়া বাহনখনৰ পঞ্জীয়ন নম্বৰ এএছ-১৩পি-৫১৪৬ আছিল।

ইপিমধ্যে, দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন মঙলদৈ আৰক্ষীয়ে জব্দ কৰিছে।

আজি দিনৰ ভাগত ছিপাঝাৰ চহৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয়।

এই শোকাৱহ পথ দুৰ্ঘটনাটোত অন্য এজন লোকো আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত লোকজনক সংকটজনক অৱস্থাত হস্পিটেলত ভৰ্তি কৰোৱা হয়।