
ভয়ংকৰ পথ দুৰ্ঘটনা ! ট্ৰাকৰ খুন্দাত একেটা পৰিয়ালৰ ৩ জন নিহত
উত্তৰ প্ৰদেশৰ গাজীপুৰ জিলাত এক ভয়ংকৰ পথ দুৰ্ঘটনাত সংঘটিত হৈছে। দুৰ্ঘটনাটোৰ ফলত একেটা পৰিয়ালৰে তিনিজন সদস্য নিহত হৈছে। ঘটনাটো নন্দগঞ্জ আৰক্ষী থানা এলেকাত সংঘটিত হৈছিল।
আৰক্ষীয়ে দিয়া তথ্য অনুসৰি গাজীপুৰ জিলাৰ নন্দগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত দেৱকলি পেট্ৰ’ল পাম্পৰ সন্মুখৰ চাৰি লেনযুক্ত পথত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল। দেওবাৰে পুৱতি নিশা বিহাৰৰ বাসিন্দা পৰিয়ালটোৱে যেতিয়া তেওঁলোকৰ বাহনখন দেৱকলি পেট্ৰ’ল পাম্পৰ সন্মুখত পাৰ হৈ গৈ আছিল।
সেই সময়তে পিছফালৰ পৰা অহা এখন অচিনাক্ত বাহনে গাড়ীখনত খুন্দা মাৰে। দুৰ্ঘটনাটোত গাড়ীখন যথেষ্ট ক্ষতিগ্ৰস্ত হয়। দুৰ্ঘটনাটোত নীৰজ কুমাৰ (৪৫), তেওঁৰ পত্নী মনি (৪১) আৰু তেওঁলোকৰ বন্ধু আলোক কুমাৰ (৪৪) নিহত হয়।
ঘটনাৰ পিছত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আন এজনক উন্নত চিকিৎসাৰ হাস্পতাললৈ প্ৰেৰণ কৰে যদিও হাস্পতালতে তেওঁৰ মৃত্যু হয়।