তেজপুৰত অতিকে কৰুণ ঘটনা, ককায়েকক ৰাখী পিন্ধাম বুলি আহোতেই দুৰ্ঘটনাত স্বামী-শাহুক হেৰুৱালে ভগ্নীয়ে

0
13536

তেজপুৰত অতিকে কৰুণ ঘটনা, ককায়েকক ৰাখী পিন্ধাম বুলি আহোতেই দুৰ্ঘটনাত স্বামী-শাহুক হেৰুৱালে ভগ্নীয়ে।

এক অতিকে কৰুণ ঘটনা সংঘটিত হৈছে তেজপুৰত । আজি পবিত্ৰ ৰাখী পূৰ্ণিমাৰ দিনটোত কাকায়েকক ৰাখী পিন্ধাম বুলি গৈ নিজৰেই পৰিয়াল হেৰুৱাই পেলালে এগৰাকী ভগ্নীয়ে।

ককায়েকৰ ঘৰলৈ বুলি ৰাওনা হোৱাৰ পথকে ট্ৰাকে মহতিয়াই নিলে সম্পূৰ্ণ পৰিয়াল। এই অতিকে কৰুণ ঘটনা সংঘটিত হৈছে তেজপুৰৰ মিলনপুৰত।

এগৰাকী ভগ্নীয়ে ঘটনাস্থলীতে হেৰুৱালে স্বামী আৰু হাস্পতালত হেৰুৱালে শাহুক। পাছে নিজেও গুৰুতৰভাৱে আহত হৈ হাস্পতালত জীৱন মৃত্যুৰে যুঁজ দি থকাত বৰ্তমানলৈ জ্ঞাত নহয় স্বামী-শাহুক হেৰুৱাৰ খবৰ।

তেজপুৰৰ বিন্দুকুৰি বিমল বস্তিৰ আছিল পৰিয়ালটো। কিন্তু ভয়ংকৰ পথ দুৰ্ঘটনাত সকলো হেৰুৱাই পেলোৱাৰ দৰে হয় পৰিয়ালটোৱে। ৫ জনীয়া পৰিয়ালটো ই-ৰিক্সাত উঠি গৈ আছিল ঢেকিয়াজুলিৰ ককায়েকৰ ঘৰলৈ বুলি।

দুৰ্ঘটনাৰ সময়ত ই-ৰিক্সাখনত থকা ৫ গৰাকী লোক আছিল শাহু-শহুৰ, স্বামী আৰু দুই বছৰীয়া কন্যা সহ মঞ্জু ৰাজুৱাৰ নামৰ মহিলাগৰাকী। যি মহিলাই ৰাখী বন্ধন উপলক্ষে ককায়েকৰ ঘৰলৈ বুলি ৰাওনা হৈছিল।

কিন্তু তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিয়াৰ ফলত ঘটনাস্থলীতে মৃত্যুক সাৱটি লয় মঞ্জু ৰাজুৱাৰৰ স্বামী সহদেৱ ৰাজুৱাৰ আৰু হাস্পতালত শাহু ডলি ঘাটোৱাৰ । এই কৰুণ ঘটনাই এতিয়া অঞ্চলজুৰি শোকৰ বন্যা বোৱাইছে।

Input and Photo – Lakhya Joti Nath