মাত্ৰ দুমাহ পূৰ্বে যুগ্মজীৱন আৰম্ভ কৰা ৰাজীৱ বৰাৰ কৰুণ মৃত্যু, মহতিয়াই নিলে ট্ৰাকে

0
29594
মাত্ৰ দুমাহ পূৰ্বে যুগ্মজীৱন আৰম্ভ কৰা ৰাজীৱ বৰাৰ কৰুণ মৃত্যু, মহতিয়াই নিলে ট্ৰাকে

মাত্ৰ দুমাহ পূৰ্বে যুগ্মজীৱন আৰম্ভ কৰিছিল। পত্নীৰ সৈতে সপোন বোৰ একেলগে দেখা আৰম্ভ কৰিছিল হে। কিন্তু ভাগ্যৰ ওচৰত নিষ্ঠুৰ নিয়তি। কৰুণ মৃত্যুক সাৱটি লয় ৰাজীৱ বৰা নামৰ যুৱক জনে।

নগাঁৱত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনা। দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে ৰাজীৱ বৰা নামৰ এগৰাকী যুৱকক। যাৰ ফলত থিতাতে মৃত্যুক সাৱটি লয় ৰাজিৱে।

২০২০ৰ ডিচেম্বৰ মাহত বিবাহপাশত আবদ্ধ হৈছিল। আৰু আজি বিয়াৰ ২ মাহ সম্পূৰ্ণ নহওতেই ন-কইনাক এৰি যায় বৰাই। ধিং গেটৰ উৰণীয়া সেতুত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো।

আৰু পঢ়ক : কংগ্ৰেছৰ গণ সমাবেশ-পাঁচ হাজাৰৰো অধিক কংগ্ৰেছ কৰ্মী অংশগ্ৰহণ