
ডবকাত শোকাৱহ পথ দুৰ্ঘটনা ! নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰিল বিবাহ যাত্ৰীৰ বাহন
শনিবাৰে পুৱতি নিশা ডবকাত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে |
নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰিল বৰযাত্ৰীৰ বাহন | দুৰ্ঘটনাটোৰ ফলত এজন বৰযাত্ৰীৰ থিতাতে নিহত হয় |
জানিব পৰা মতে কাকীৰ পৰা কলিয়াবৰ অভিমুখি আছিল বাহন খন |
নিহত যুৱকজনৰ নাম মাধুৰ্য বৰদলৈই বুলি জানিব পৰা গৈছে |
আনহাতে দুৰ্ঘটনাটোৰ ফলত ৫ জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে |
আহত সকলক সংকটজনক অৱস্থাত হোজাইৰ এখন চিকিৎসালয় ভৰ্তি কৰোৱা হৈছে |