26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    কৰুণ মৃত্যু, মাকে পুতেকলৈ বাট চাই ৰওঁতেই গ’ল, ঘৰ গৈ পালে পুত্ৰৰ নিথৰ মৃতদেহ

    কৰুণ মৃত্যু, মাকে পুতেকলৈ বাট চাই ৰওঁতেই গ’ল, ঘৰ গৈ পালে পুত্ৰৰ নিথৰ মৃতদেহ। নিশা ধুবুৰীৰ ডুমৰদহত পথ দুৰ্ঘটনাত নিহত হয় ৰসিদুল নামৰ যুৱকজন। নিশা প্ৰায় ১১ মান বজাত সংঘটিত হয় এই ঘটনা।

    গৌৰীপুৰৰ পৰা ঘৰ অভিমুখে বাইকেৰে আহি থকা সময়তে দলঙৰ ৰেলীঙত লাগি সংঘটিত হয় এই পথ দুৰ্ঘনা। বাইক চালক ৰসিদুল থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত আন এজন বাইক আৰোহী।

    নিহত যুৱকজন পাগলাহাট অঞ্চলৰ ৰসিদুল , আৰু আহত যুৱকজন সহিদুল বুলি জানিব পৰা গৈছে। বালাজান আৰক্ষী আৰু স্থানীয় ৰাইজে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । লগতে আহত জনক ধুবুৰী অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে।

    Input and Photo Credit: AMINUR AHMED

    আৰু পঢ়ক : বিজেপিৰ দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন অগ্ৰাহ্য, কাষ চাপিল উচ্চ ন্যায়ালয়ৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং