17 C
Guwahati
Friday, January 14, 2022
More

    ভোগালীৰ আনন্দৰ মাজতেই ভয়ংকৰ পথ দুৰ্ঘটনা- ৮ বছৰীয়া কনমানিৰ মৃত্যু, ৯জনৰ অৱস্থা সংকটজনক

    ভোগালীৰ আনন্দৰ মাজতেই ভয়ংকৰ পথ দুৰ্ঘটনা- ৮ বছৰীয়া কনমানিৰ মৃত্যু, ৯জনৰ অৱস্থা সংকটজনক

    ভোগালীৰ আনন্দৰ মাজতেই ভয়ংকৰ পথ দুৰ্ঘটনা- ৮ বছৰীয়া কনমানিৰ মৃত্যু, ৯জনৰ অৱস্থা সংকটজনক। কাছাৰ জিলাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ।

    দুৰ্ঘটনাত মৃত্যু এক ৮ বছৰীয়া শিশুৰ ৷ এখন যাত্ৰী পৰিবাহী অটোৰিক্সা দূৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু মুখত পৰে ৮ বছৰীয়া শিশুটি।

    ঘটনাত আহত হৈছে কমেও ৯ গৰাকী যাত্ৰী ৷ আহত আটাইকেজনেই একেটা পৰিয়ালৰে বুলি জানিব পৰা গৈছে ৷ আহত সকলৰ মাজত আছে অন্য ৪ টা শিশু আৰু ১০০ বছৰীয়া এগাৰাকী বৃদ্ধাও আছে৷

    ঘটনাটো সংগঠিত হৈছে কাছাৰৰ বড়খলা সমষ্টিৰ ৰাণিঘাটত ৷ শিলচৰ অভিমুখী এখন যাত্ৰীবাহী অটোৰিক্সা নিয়ন্ত্ৰণ হেৰাই পথৰ দাঁতিত বাগৰি পৰি ৷

    যাৰ ফলত থিতাতে নিহত হয় ৮ বছৰিয়া শিশুৰ ৷ নিহত শিশুটিৰ নাম ৰকি নাথ ৷ আনহাতে আহত আটাইকেজনক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে ৷

    বিহুৰ আৰু সংক্ৰান্তিৰ আনন্দ উপভোগ কৰিবলৈ ঘৰৰ পৰা উলাই গৈছিল পৰিয়ালটো ৷ যাত্ৰাৰ সংয়ত আছিল ১০ গৰাকী যাত্ৰী, অত্যাধিক যাত্ৰীৰ কাৰণেই নিয়ন্ত্ৰণ হেৰাই অটোখন দূৰ্ঘটনাগ্ৰস্থ হৈছে বুলি স্থানীয় লোকৰ ভাষ্য ৷

    Input and Photo – Yasin Mazumdar

    আৰু পঢ়ক : উৰুকাৰ নিশা অঘটন, কোনোৱে আহি চৌহদৰ ভিতৰতে জ্বলাই দিলে বাহন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং