বৰপেটাত শোকাৱহ পথ দুৰ্ঘটনা; পালছাৰ বাইকৰ খুন্দাত মৃত্যু এগৰাকী মহিলাৰ

0
1993
প্ৰতিনিধিত্বমূলক চিত্ৰ

বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত আৰু বৰপেটা সদৰ আৰক্ষী থানাৰ এলেকাধীন কান্দাপাৰাত সংঘটিত এক পথ দুৰ্ঘটনাত আনোৱাৰা খাতুন নামৰ এগৰাকী আদবয়সীয়া মহিলাৰ মৃত্যু হয়।

জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱা নিজৰ ঘৰৰ সম্মুখৰ ৰাস্তাত ওলাই যোৱাৰ সময়তে বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী এ এছ ১৫ আৰ ০৭২৩ নম্বৰৰ পালছাৰ মটৰ চাইকেলে মহিলা গৰাকীক খুন্দিয়াই ৰাস্তাত পেলাই থৈ যায়।

দুৰ্ঘটনাটোৰ পিছতে আত্মীয়ই মহিলা গৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী লৈ যায় যদিও তিনিদিনৰ মূৰত মহিলা গৰাকীয়ে মৃত্যুৰ ওচৰত হাৰ মানে।

মহিলা গৰাকীৰ আকস্মিক মৃত্যুত কান্দাপাৰা অঞ্চলত গভীৰ শোঁকৰ ছাঁ পৰিছে। মহিলা গৰাকীৰ দৰিদ্ৰ পৰিয়ালক এককালীন আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ স্থানীয় লোকে চৰকাৰক আহ্বান জনাইছে।