18 C
Guwahati
Monday, April 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২০ বছৰীয়া যুৱক, চাৰিচকীয়াই খুন্দা মাৰিয়েই কৰে পলায়ন

    ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত ২০ বছৰীয়া যুৱক, চাৰিচকীয়াই খুন্দা মাৰিয়েই কৰে পলায়ন। বৰপেটা জিলাৰ বাৰাদিত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো।

    দুৰ্ঘটনাটোত থিতাতে মৃত্যুমুখত পৰে এজন যুৱক ৷ মৃত যুৱকজন ২০ বৰ্ষীয় জাহিদুল আলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনা ত নিহত জাহিদুল আলিৰ ঘৰ বহৰিত ।

    উল্লেখ্য যে, বৰপেটা বাৰাদিত এখন চাৰিচকীয়া বাহনে AS-01-AD-2338 নম্বৰৰ এখন স্পেল্ডাৰ মটৰ চাইকেলত খুন্দা মাৰে । চাৰিচকীয়া বাহনখনৰ প্ৰচণ্ড খুন্দাৰ ফলতে বাইকসহ চালক জাহিদুল দূৰলৈ চিটিকি পৰে আৰু থিতাতে নিহত হয় ।

    প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি চাৰিচকীয়া বাহন খনে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই তাৰপৰা পলায়ন কৰে ৷

    আৰু পঢ়ক : ‘বুম-বুম’ বুমৰাহে গঢ়িলে অনন্য অভিলেখ, অন্তৰ্ভুক্ত হ’ল ডেনিছ লিলীৰ ক্লাবত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং