25 C
Guwahati
Friday, May 20, 2022
More

    মঙলদৈৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ট্ৰেভেলাৰ দুৰ্ঘটনা, থিতাতে নিহত এজন

    মঙলদৈৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ট্ৰেভেলাৰ দুৰ্ঘটনা, থিতাতে নিহত এজন

    মঙলবাৰে মঙলদৈত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত এজন লোকৰ কৰুণ মৃত্যু হোৱাৰ লগতে অন্য সাতজন লোক আঘাতপ্ৰাপ্ত হয়।

    মঙলদৈৰ দলিবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এই শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

    প্ৰাপ্ত তথ্য অনুসৰি, এখন তীব্ৰবেগী ট্ৰেভেলাৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা দ’ খাৱৈত বাগৰি পৰাৰ ফলতে এই পথ দুৰ্ঘটনাটো সংঘটিত হয়।

    পথ দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকজনৰ নাম আব্দুল কৰিম বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পাইছে।

    ইপিনে, পথ দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত লোকসকলক প্ৰাথমিক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হয়।

    নিশা জলেশ্বৰৰ পৰা ঢেকীয়াজুলি অভিমুখে গৈ আছিল দ্ৰুতবেগী ট্ৰেভেলাৰখন।

    আনহাতে, ঘটনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত উদ্ধাৰ অভিযান চলাই আঘাতপ্ৰাপ্ত লোকসকলক হস্পিটেললৈ প্ৰেৰণ কৰে।

    মৃত্যু হোৱা লোকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।

    আৰু পঢ়ক : দুবছৰীয়া সন্তানসহ নৈত জাপ দিলে মাতৃয়ে, শিলচৰত চাঞ্চল্য

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং