লংকাৰ লালুংডুপিত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন

দুৰ্ঘটনাগ্ৰস্ত বাইকখনত থকা মহিলাগৰাকীক সংকটজনক অৱস্থাত লংকা প্ৰাথমিক চিকিৎসালয়ত প্ৰেৰণ কৰা হয়

0
131

লংকাৰ লালুংডুপিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ট্ৰাকে আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে মৃত্যু হয় বাইক আৰোহীৰ। মৃত যুৱকজনৰ নাম ৰাজু চৌহান।

দুৰ্ঘটনাগ্ৰস্ত বাইকখনত থকা মহিলাগৰাকীক সংকটজনক অৱস্থাত লংকা প্ৰাথমিক চিকিৎসালয়ত প্ৰেৰণ কৰা হয়। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খনৰ নম্বৰ AS 01 AC 8527 আৰু বাইক খনৰ নম্বৰ AS 02 N 7795। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ প্ৰেৰণ কৰে।

Photo: Time8