বনভোজ খাই উভতাৰ পথতে কলিয়াবৰত ভয়ংকৰ দুৰ্ঘটনা, ১৪ যাত্ৰীসহ বাহন উফৰি পৰিল পথৰ দাঁতিত

0
502
বনভোজ খাই উভতাৰ পথতে কলিয়াবৰত ভয়ংকৰ দুৰ্ঘটনা, ১৪ যাত্ৰীসহ বাহন উফৰি পৰিল পথৰ দাঁতিত

বনভোজ খাই উভতাৰ পথতে কলিয়াবৰত ভয়ংকৰ দুৰ্ঘটনা, ১৪ যাত্ৰীসহ বাহন উফৰি পৰিল পথৰ দাঁতিত।

দুৰ্ঘটনাটোৰ পিছতবাহন খনত থকা ১৪ জন যাত্ৰীয়েই আহত হোৱাৰ বিপৰীতে পাঁচ যাত্ৰীৰ সংকটজনক অৱস্থাত তেজপুৰলৈ প্ৰেৰণ।

কলিয়াবৰৰ বামুনিৰ পৰা হাতীমুৰালৈ বনভোজ খাবলৈ আহিছিল বামুনিৰ ১৪ জনকৈ লোক ।

বনভোজ খাই ঘৰলৈ উভতাৰ যাত্ৰাৰ পথতে হাতীমুৰাত পথৰ পৰা As 02 BC 2072 বাহন খন বাগৰি পৰাট সংঘটিত হয় দুৰ্ঘটনাতো ।

দুৰ্ঘটনাটোৰ সময়ত বাহনখনত সেই ১৪ যাত্ৰীৰ ভিতৰত বৃদ্ধলোক, মহিলা আৰু শিশু সকলো আছিল আৰু সকলোৱে দুৰ্ঘটনাটোত আহত হয় ।

স্থানীয় ৰাইজ আৰু জখলাবন্ধা আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ আহত লোক সকলক জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰায়।

আনহাতে চিকিৎসকে উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত থকা পাঁচ জনলোকক তেজপুৰলৈ প্ৰেৰণ কৰে।

আৰু পঢ়ক : ৰুৰকিলাৰ ষ্টীল প্লাণ্টত গেছ নিৰ্গত হৈ ৪ জন শ্ৰমিকৰ মৃত্যু