15 C
Guwahati
Saturday, January 22, 2022
More

    ছিপাঝাৰত নিশা শোকাৱহ পথ দুৰ্ঘটনা, নিহত বাইক আৰোহী

    ছিপাঝাৰত নিশা শোকাৱহ পথ দুৰ্ঘটনা, নিহত বাইক আৰোহী

    ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত কৰৈগুৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

    এখন চাৰিচকীয়া বাহন আৰু এখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়।

    এই পথ দুৰ্ঘটনাটোৰ ফলত এজন লোক নিহত হয়।

    পথ দুৰ্ঘটনাটোত নিহত হোৱা বাইক আৰোহীজনৰ নাম বাহাৰুল ইছলাম বুলি জানিব পৰা গৈছে।

    বাহাৰুল ইছলামৰ ঘৰ খাৰুপেটীয়াৰ জংঘলপাৰাত।

    পথ দুৰ্ঘটনাটোৰ ফলত বাইকত আহি থকা বাহাৰুল ইছলাম গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু স্থানীয় লোকে বাহাৰুল ইছলামক হস্পিটেললৈ নিয়াৰ সময়তে বাটতে তেওঁৰ মৃত্যু হয়।

    গুৱাহাটীৰ পৰা বাইকেৰে খাৰুপেটীয়ালৈ আহি আছিল বাহাৰুল ইছলাম নামৰ লোকজন।

    আৰু পঢ়ক : শীঘ্ৰে নিৰাপত্তা বাহিনীৰ হাতত অৰ্পন কৰা হ’ব থুলুৱাভাৱে নিৰ্মিত এণ্টি দ্ৰোণ প্ৰযুক্তি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং