
কৰিমগঞ্জৰ ব্ৰজেন্দ্ৰ নগৰত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত থিতাতে নিহত ৩জন লোক। প্ৰথমে বাইক এখনে খুন্দা মাৰে এজন পথচাৰীক। ফলত থিতাতে নিহত পথচাৰীজন।
দুৰ্ঘটনা সংঘটিত কৰা বাইকখন স্থানীয় লোকে ৰখাবলৈ বিচৰাত বাইকখনে দ্ৰুতবেগত গৈ এখন গাড়ীত খুন্দা মাৰে। ফলত বাইকখনত থকা ২জন লোকৰে মৃত্যু হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহত তিনিওজন লোককে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।