26 C
Guwahati
Tuesday, September 27, 2022
More

    উপ-ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ পূৰ্বে গুৱাহাটীত জাৰি কৰা হৈছে নতুন যান-বাহন নিয়ম

    লোকমন্থন ২০২২-ৰ অনুষ্ঠানত অংশ ল’বলৈ বৃহস্পতিবাৰে গুৱাহাটীত প্ৰথমবাৰৰ বাবে উপস্থিত হ’ব ভাৰতৰ নৱ নিৰ্বাচিত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়। সেয়ে উপ-ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণক লৈ এতিয়া কঠোৰ হৈছে গুৱাহাটী যান-বাহন আৰক্ষী।

    বুধবাৰে পানবজাৰত উপ-আৰক্ষী আয়ুক্ত (যান-বাহন)ই এক সংবাদমেল সম্বোধন কৰি বৃহস্পতিবাৰৰ বাবে বান্ধি দিয়া নতুন নিয়ম ঘোষণা কৰে।

    নতুন নিয়ম অনুসৰি বৃহস্পতিবাৰে পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ১৭ নং আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ সামগ্ৰী কঢ়িয়াই নিয়া বাহনৰ চলাচলত বাধা আৰোপ কৰা হ’ব।

    ইফালে ডি জি ৰোড, এ টি ৰোড, এম জি ৰোড, কে এল বি ৰোড, টাইবুল্লাহ ৰোড, বি বৰুৱা ৰোড, জি এছ ৰোড আৰু পাঞ্জাবাৰী ৰোডত ৰাতিপুৱা ৯ বজাৰ পৰা বিয়লি ৩.৩০ বজালৈ সৰু, মধ্যমীয়া আৰু গধুৰ সামগ্ৰী কঢ়িওৱা বাহন চলোৱাত বাধা আৰোপ কৰা হ’ব।

    বুধবাৰ অৰ্থাত আজিৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আৰম্ভ হৈছে লোকমন্থন ২০২২। ইয়াৰ আয়োজন কৰিছে অসম পৰ্যটন উন্নয়ন নিগম আৰু উত্তৰ-পূবৰ বৌদ্ধিক মঞ্চই।

    এইবাৰৰ মূল লক্ষ্য হৈছে উত্তৰ-পূবৰ জনগোষ্ঠীসমূহক তেওঁলোকৰ সংস্কৃতি প্ৰদৰ্শনৰ বাবে মঞ্চ প্ৰদান কৰা।

    লোকমন্থনৰ এই সংস্কৰণৰ সময়ছোৱাত বিভিন্ন বিষয়ত বিভিন্ন আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে। এই আলোচনা চক্ৰসমূহত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বুদ্ধিজীৱী, শিল্পী, সাহিত্যিক, গৱেষকসকলে অংশগ্ৰহণ কৰিব।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং