নদীৰ পান যুঁৱলিত উদ্ধাৰ বন্দুক, জাল মাৰি পাইছে মুঠ ৯ টা বন্দুক

0
498

নদীৰ পান যুঁৱলিত উদ্ধাৰ বন্দুক, জাল মাৰি পাইছে মুঠ ৯ টা বন্দুক। লখিমপুৰ পানীগাঁৱৰ আলিচিগাত ওলাইছে এই ৯ টাকৈ বন্দুক।

সোৱণশিৰিৰ নদীৰ পাৰত কেইজনমান যুৱকে উদ্ধাৰ কৰে এয়াৰগাণ কেইটা। ইটোৰ পিছত সিটো বন্দুক পানীৰ পৰা উলিয়াই আনিছে পাৰলৈ।

লখিমপুৰৰ পানীগাঁও আৰক্ষী থানাৰ অন্তগৰ্ত আলিচিগাত ওলাইছে এই নটাকৈ বন্দুক। দুজন যুৱকে প্ৰথমে প্ৰত্যক্ষ কৰে এটা বন্দুকৰ নলী।

পানীত নমাৰ পিছত সাতটাকৈ বন্দুক শুকুৰবাৰে উদ্ধাৰ কৰাৰ পিছত আজি পুৱা পুনৰ দুটা বন্দুক উদ্ধাৰ হয়।

পানীগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পলাশৰঞ্জন দাসৰ উপস্থিতিত উদ্ধাৰ কৰা এয়াৰগাণ সমূহ তদন্তৰ বাবে লখিমপুৰ সদৰ থানালৈ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে কিছু দিনৰ পূৰ্বে একাংশ অৰুণাচলী লোকে উক্ত স্থানত বিচৰণ কৰা প্ৰত্যক্ষ কৰিছিল আলিচিগাৰ স্থানীয় লোকে।

লখিমপুৰ – মাজুলী জিলাৰ মধ্যস্থল আলিচিগাত ৯ টাকৈ বন্দুক উদ্ধাৰ হোৱা ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে

আৰক্ষীৰ তদন্তৰ পিছতহে উদ্ধাৰ হোৱা বন্দুকৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব।

Input and Photo – Hassinur Alom