হ্ৰাস হোৱা নাই কভিড, সেয়ে মুঠ ১৬ খনকৈ স্থানক কণ্টেইনমেণ্ট জ’ন ঘোষণা জিলা প্ৰশাসনৰ

0
312
হ্ৰাস হোৱা নাই কভিড, সেয়ে মুঠ ১৬ খনকৈ স্থানক কণ্টেইনমেণ্ট জ'ন ঘোষণা

হ্ৰাস হোৱা নাই কভিড, সেয়ে মুঠ ১৬ খনকৈ স্থানক কণ্টেইনমেণ্ট জ’ন ঘোষণা জিলা প্ৰশাসনৰ

হ্ৰাস হোৱা নাই কভিড, সেয়ে মুঠ ১৬ খনকৈ স্থানক কণ্টেইনমেণ্ট জ’ন ঘোষণা জিলা প্ৰশাসনৰ। তিতাবৰত ঘোষণা কৰা হৈছে এই নিৰ্দেশনা।

কভিডৰ ভয়াবহ সংক্ৰমণৰ বাবে সম্প্ৰতি তিতাবৰত স্বাস্থ্য বিভাগ আৰু মহকুমা প্ৰশাসনে মুঠ ১৬ টাকৈ স্থানক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰি কভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

পুৱাই তিতাবৰ নগৰৰ চাৰিআলি অঞ্চলৰ হৰিজন কলনীক প্ৰশাসনে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে। বৃহত্তৰ অঞ্চলটোত স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে চেনিটাইজেশ্যন কৰিছে।

ৰাইজ আৰু প্ৰশাসনৰ সজাগ-সচেতনতাৰ বাবে শেহতীয়াকৈ তিতাবৰত কভিডত আক্ৰান্তৰ সংখ্যা কিছু নিয়ন্ত্ৰণলৈ আহিছে যদিও দৈনিক কভিডত বিভিন্নজন লোক আক্ৰান্ত হৈ আছে বুলি মহকুমা প্ৰশাসনৰ পৰা জানিব পৰা গৈছে।

Input and Photo- Sajid Hussain

আৰু পঢ়ক : টকিঅ’ অলিম্পিকত প্ৰথমটো কৰ’ণা আক্ৰান্তৰ খবৰ, গেমছ ভিলেজত থকা লোক আক্ৰান্ত