সৰ্বোচ্চ নিৰাপত্তা আৱৰণৰ অধীনত দেশৰ ৭৭৭ টা গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান

0
89
সৰ্বোচ্চ নিৰাপত্তা আৱৰণৰ অধীনত দেশৰ ৭৭৭ টা গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান
প্ৰতিনিধিত্বমূলক চিত্ৰ

গৃহ মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ অধীনত দেশত বৰ্তমান ৭৭৭ টা গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চি এ পি এফ)ৰ দ্বাৰা প্ৰদান কৰা বিশেষ নিৰাপত্তা আৱৰণৰ অধীনত আছে।

শেহতীয়াকৈ প্ৰকাশিত বাৰ্ষিক প্ৰতিবেদন ২০২০-২০২১ অনুসৰি, বিভিন্ন ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰতিষ্ঠানসমূহত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু ৰাজ্যিক বাহিনীৰ দ্বাৰা সুৰক্ষিত কৰা হৈছে।

প্ৰতিবেদনত লগতে কোৱা হৈছে যে গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান সমূহৰ সুৰক্ষা শ্ৰেণীবিভাজন পুনৰীক্ষণ কৰা হৈছে।

এই প্ৰতিষ্ঠানসমূহক এ, বি, চি, ডি আৰু ই হিচাপে পুনৰ শ্ৰেণীবদ্ধ কৰা হৈছে। এই গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানবোৰৰ ভিতৰত আছে পাৰমাণৱিক আৰু এৰো মহাকাশ ভৱনৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ চৰকাৰী বিভাগ।

দেশৰ গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহৰ নিৰাপত্তা দায়িত্ব মুখ্যতঃ কেন্দ্ৰীয় মন্ত্ৰালয় বা বিভাগ বা সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ।

উল্লেখ্য যে গৃহ মন্ত্ৰালয়ে সময়ে সময়ে গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহৰ সুৰক্ষা নিয়ম আৰু প্ৰয়োজনীয়তাৰ বিষয়ে পৰামৰ্শ প্ৰদান কৰি আহিছে।

প্ৰতিবেদনত কোৱা হৈছে যে সংগঠন আৰু মন্ত্ৰালয়ৰ পৰা প্ৰাপ্ত অনুৰোধৰ ওপৰত আধাৰিত কৰি, কিছুমান গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানৰ নিৰাপত্তাৰ বাবে চি এ পি এফক মোতায়েন কৰা হৈছে।

গৃহ মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, দেশৰ ৭৭৭ টা গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানৰ বেছিভাগেই চি আই এছ এফৰ হাতত সুৰক্ষিত, আনহাতে বাকীবোৰ ৰাজ্য চৰকাৰে সুৰক্ষিত কৰে।

আৰু পঢ়ক : অসমবাসীক ৰতন টাটাৰ নতুন উপহাৰ; বছৰে লাভান্বিত হ’ব ২০ হাজাৰ যুৱক-যুৱতী