দেশ-বিদেশ কঁপোৱা পুলৱামা আক্ৰমণত জড়িত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আবু নিহত

0
7390
দেশ-বিদেশ কঁপোৱা পুলৱামা আক্ৰমণত জড়িত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আবু নিহত

দেশ-বিদেশ কঁপোৱা পুলৱামা আক্ৰমণত জড়িত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আবু নিহত

২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰিৰ দিনটোত জম্মু-কাশ্মীৰৰ পুলৱামাত নিৰাপত্তাৰক্ষী বাহিনীৰ ওপৰত চলোৱা নৃশংস আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত এজন শীৰ্ষ সন্ত্ৰাসবাদী নিহত হৈছে আৰক্ষীৰ গুলীত।

নিহত সন্ত্ৰাসবাদীজন পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন জৈচ-ই-মহম্মদৰে জড়িত বুলি শীৰ্ষ আৰক্ষী বিষয়াই জনায়।

সন্ত্ৰাসবাদী সদস্যজনৰ নাম আবু ছৈফুল্লা। তেওঁ আদনান, ইছমাই আৰু লাম্বু নামেৰেও জনাজাত আছিল।

শনিবাৰে দক্ষিণ কাশ্মীৰৰ নাগবেৰান তৰেছান গাঁৱত নিৰাপত্তা বাহিনীৰ হোৱা সংঘৰ্ষত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী জন নিহত হয়। এই সংঘৰ্ষত আন এজন সন্ত্ৰাসবাদীও নিহত হয় বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।

আৰক্ষীয়ে জানিব দিয়া মতে, তেওঁ ২০১৭ চনৰ পৰাই পুলৱামা এলেকাত সন্তৰাসবাদী কাৰ্যকলাপ চলাই আহিছিল। তেওঁ সংগঠনৰ ৰৌফ আজহাৰ, মৌলানা মাছুদ আৰু আম্মাৰৰ সহযোগী আছিল।

উল্লেখ্য ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীৰ দিনা পাক সন্ত্ৰাসবাদীয়ে কাশ্মীৰৰ পুলৱামাত বোমা বিস্ফোৰণ ঘটাই চিআৰপিফৰ ৪০ জনকৈ জোৱানক হত্যা কৰিছিল।

আৰক্ষীৰ মতে নিহত হোৱা ছৈফুল্লা এজন বোমা বিশেষজ্ঞ আছিল।

আৰু পঢ়ক : বি টি আৰত অবডো় গাঁও অন্তৰ্ভুক্ত কৰাৰ গভীৰ ষড়যন্ত্ৰ চলিছে : ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি