দীপিকা, আলিয়াক পিছ পেলাই জনপ্ৰিয়তাৰ শীৰ্ষত সামান্থা প্ৰভু

0
1422

দীপিকা, আলিয়াক পিছ পেলাই জনপ্ৰিয়তাৰ শীৰ্ষত সামান্থা প্ৰভু

ক্ৰমান্বয়ে দক্ষিণৰ চিনেমা সমূহেও সমগ্ৰ ভাৰততে জনপ্ৰিয় হ’বলৈ লৈছে। দক্ষিণৰ ছবিবোৰ কাহিনী আৰু তাৰকাবোৰে নিজৰ প্ৰভূত্ব দেখাইছে। দক্ষিণৰ মূল চলচ্চিত্ৰ ই হওঁক বা বলীউডতে হওক সকলোতে তেওঁলোকে তীব্ৰ আধিপত্য বিস্তাৰ কৰিছে।

এতিয়া জনপ্ৰিয়তাৰ ক্ষেত্ৰত,দক্ষিণৰ নায়িকাসকলেও বলীউডক আচ্ছন্ন কৰি ৰখা দেখা গৈছে।শেহতীয়াকৈ অৰ্মেক্স ষ্টাৰ্ছ ইণ্ডিয়াই আটাইতকৈ জনপ্ৰিয় মহিলা তাৰকাসকলৰ এখন তালিকা প্ৰকাশ কৰিছে।য’ত ১০ গৰাকী অভিনেত্ৰীৰ নাম অন্তৰ্ভুক্ত আছিল।

দক্ষিণৰ নায়িকাসকলো এই তালিকাত আছে আৰু দক্ষিণৰ অভিনেত্ৰীসকলে শীৰ্ষ ১০ ৰ ভিতৰত সাতটা স্থান দখল কৰিছে। এই তালিকাৰ শীৰ্ষত আছে দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৰ নাম। তেওঁ বলিউডৰ অভিনেত্ৰী আলিয়া ভট্ট আৰু দীপিকা পাডুকনকো পিছ পেলাই থৈ গৈছে।

সামান্থা ৰুথ প্ৰভুৰ ছবি যশোদা শেহতীয়াকৈ মুক্তি পাইছে আৰু ছবিখনক সকলোৱে পছন্দও কৰিছে। ইয়াৰ আগতে সামান্থাই অভিনয় কৰা পুষ্পাৰ সেই বিশেষ গানটোও যথেষ্ট জনপ্ৰিয় হৈছিল। এই তালিকা খনত আলিয়া ভাট দ্বিতীয় নম্বৰত আছে।

তৃতীয় স্থানত আছে দক্ষিণৰ লেডী চুপাৰষ্টাৰ হিচাপে জনাজাত নয়নতাৰা। লগতে কাজল আগৰৱাল চাৰি নম্বৰত , দীপিকা পাডুকন পাঁচ নম্বৰত আৰু ৰশ্মিকা মান্দানা ছয় নম্বৰ স্থানত আছে। একে সময়তে তালিকা খনত কেটৰিনা কাইফ সাত নম্বৰত , অনুষ্কা চেট্টী আঠ নম্বৰত, কীৰ্তি সুৰেশ ন নম্বৰত আৰু তৃষা কৃষ্ণন দহ নম্বৰত আছে।