28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    পৰজীৱিৰ ভয়ংকৰ ৰূপ, জীভা খাই নিজেই লৈছিল জীভাৰ স্থান

    পৰজীৱি সকলো প্ৰাণীৰে দেহত পোৱা যায়। সেয়া লাগিলে মানুহেই হওঁক বা কোনো জীৱ-জন্তুই। পিছে কেতিয়াবা সাধাৰণ পৰজীৱি একোটাই ভয়ংকৰ হৈ পৰে। তেনেই এক দৃশ্য পোহৰলৈ আহিছে। এটা সামান্য পৰজীৱিয়ে জীভা খাই সেই ঠাইত নিজেই জীভা হৈ পৰিছে।

    সদ্যহতে এজন লোকে এনে এটা মাছ উদ্ধাৰ কৰে যাৰ জীভা ৰ আধা অংশই এটা পৰজীৱি খাই তাৰ নিজেই সেই স্থানত বহি লৈছে। যি পৰজীৱি স্পষ্ট ৰূপত দেখা পোৱা গৈছে মাছটোৰ ভিতৰত।

    পিছত এই মাছ উদ্ধাৰ কৰোতা জনে ফটো তোলাৰ লগতে ভিডিঅ কৰি টুইটাৰত শ্বেয়াৰ কৰে মাছ আৰু পৰজীৱিটোৰ ফটো।

    লগতে মাছটো এজন অধ্যাপকলৈ প্ৰেৰণ কৰে। তেতিয়া অধ্যাপক জনেও এনে দৃশ্য দেখি আচৰিত হৈ পৰে। কিয়নো এনে ধৰণৰ পৰজীৱি সাধাৰণতে সাগৰীয় ডাঙৰ মাছবোৰৰ সৈতে হে দেখা পোৱা যায়। এয়ে প্ৰথম কোনো সাধাৰণ মাছৰ তাকো জীভাৰ ভিতৰত পৰজীৱি উদ্ধাৰ।

    আৰু পঢ়ক : কৰণাৰ পৰা উদ্ধাৰৰ বাবে গো-মূত্ৰ-গোৱৰেৰে গা ধুই সংকটত বহু লোক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং