30 C
Guwahati
Friday, September 17, 2021
More

    কাইলৈ পুনৰ প্ৰকাশ পাব নতুন নিৰ্দেশনা, কিন্তু অসমত লকডাউনৰ সম্ভাৱনা নাই- মুখ্যমন্ত্ৰী

    কাইলৈ পুনৰ প্ৰকাশ পাব নতুন নিৰ্দেশনা, কিন্তু অসমত লকডাউনৰ সম্ভাৱনা নাই- এই কথা সদৰে কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি হোৱা এক বৈঠকত এই গুৰুত্বপূৰ্ণ কথা সদৰি কৰে। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত কভিডৰ সংক্ৰমণ ৰোধৰ বাবে স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে গুৰুত্ব পূৰ্ণ বৈঠকত মিলিত হয়। তাতেই প্ৰকাশ কৰে বহু কথা।

    নতুন নিৰ্দেশনা সন্দৰ্ভত কয় যে, এই নতুন নিৰ্দেশনা কেৱল চাহ-বাগানৰ বাবেহে। কিয়নো কালি ১৩ মে’ৰ পৰা কাৰ্যকৰী হোৱা নিৰ্দেশনাত চাহ বাগান সন্দৰ্ভত কোনো কথা উল্লেখ কৰা হোৱা নাছিল। যাৰ সুবিধা বুজি বহু বাগানৰ মালিকে এই ভয়ংকৰ পৰিস্থিতিৰ মাজতো সন্ধিয়ালৈ কাম কৰোৱাইছিল শ্ৰমিকক।

    সেয়ে কাইলৈ কেৱল চাহ বাগান সন্দৰ্ভতে নতুন নিৰ্দেশনা প্ৰকাশ পোৱাৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰী শৰ্মাই। লগতে ইয়াকো কয় যে, অসমত বৰ্তামনলৈ লকডাউন সন্দৰ্ভত কোনো চিন্তা চৰ্চা হোৱা নাই । অৱশ্যে পিছলৈ পৰিস্থিতি চাই ব্যৱস্থা লোৱা হব বুলিও মন্তব্য কৰে।

    আজিৰ এই বৈঠকত মিলিত হয়, গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষ অচ্যুত বৈশ্য, NHMৰ পৰিচালন সঞ্চালক লক্ষ্মনন এছ, NHM ৰ কাৰ্যবাহী সঞ্চালক মনোজ চৌধুৰীসহ অন্য কেইবাজনো ৷

    এই বৈঠকতে মুখ্যমন্ত্ৰীয়ে ইয়াকো সদৰি কৰে কণ্টেইনমেণ্ট জনৰ ভিতৰত থকা দৰিদ্ৰ সীমা ৰেখাৰ তলত থকা লোকক ২ হাজাৰ খাদ্য সামগ্ৰী যোগান ধৰা হ’ব। লগতে কভিডত আক্ৰান্ত হোৱা ৫০ ৰ উৰ্দ্ধৰ ব্যক্তি ১৭ মে ‘ ৰ পৰা হস্পিতালত থকাতো বাধ্যতামুলক হব।

    লগতে ১৭ মে’ৰ পৰাই গুৱাহাটীত প্ৰতিদিনে ২০০০০ টেষ্ট কৰোৱা হব বুলিও সদৰি কৰে মুখ্যমন্ত্ৰীয়ে।। ১ লাখ টেষ্টৰ লক্ষ্য বান্ধি লৈছে চৰকাৰে।

    আনহাতে অক্সিজেন সন্দৰ্ভত কয় যে, বৰ্তমানে অসমত অক্সিজেন মজুত আছে। ইয়াৰ বাহিৰেও ২৫ মেট্ৰিকটন কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব। আনহাতে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাক ১ মেট্ৰিকটন আৰু অৰুণাচলক ৫ মেট্ৰিকটন অক্সিজেন প্ৰদান কৰি এই সংকটৰ সময়ত সহায় আগবঢ়াব বুলিও মন্তব্য কৰে।

    আৰু পঢ়ক : বিশিষ্ট সাংবাদিক তথা সাহিত্যিক শিৱচৰণ কলিতাৰ পৰলোকপ্ৰাপ্তি, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং