২০১৩ চনৰ ২৫ জুন, কাৰ্বি আংলং কঁপাই গৈছিল ঝংকাৰ হত্যাকাণ্ডৰ কাইলৈ চূড়ান্ত ৰায়দান

ঝংকাৰৰ এগৰাকী অট'চালকৰ সৈতে দহ টকাৰ অট' ভাড়াকলৈ বিতৰ্ক হৈছিল

0
74

অহা কাইলৈ প্ৰদান কৰা হ’ব ৰাজ্য কঁপোৱা ঝংকাৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান৷ কাৰ্বি আংলং জিলাৰ সত্ৰ ন্যায়াধীশ এ.আহমেদৰ বিচাৰ পীঠে দিব গোচৰটো সন্দৰ্ভত চূড়ান্ত ৰায়দান৷

উল্লেখ্য যে, ২০১৩ চনৰ ২৫ জুনত এদল উন্মুক্ত লোকৰ আক্ৰমণৰ বলি হৈ অকাল আৰু কৰুণ মৃত্যুক সাৱটি লৈছিল ঝংকাৰ শইকীয়া নামৰ যুৱকজনে৷ ঝংকাৰৰ মৃত্যুৰ পিছতে উক্ত ঘটনাকলৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিগত ৭ বছৰত কাৰ্বি আংলং জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতত সমাপ্ত হৈছে শুনানী৷

স্মৰ্তব্য যে, ২৫ জুনৰ দিনা অধিবক্তা পিতৃৰ সৈতে বজাৰলৈ অহা ঝংকাৰৰ এগৰাকী অট’চালকৰ সৈতে দহ টকাৰ অট’ ভাড়াকলৈ বিতৰ্ক হৈছিল৷ পিচত উক্ত বিতৰ্কই সংঘাতৰ ৰূপ লয় আৰু এদল উন্মত্ত লোকে ডিফু চহৰৰ মাজ মজিয়াত নিৰ্মমভাবে প্ৰহাৰ কৰে ঝংকাৰক৷

পিচত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ঝংকাৰক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল৷ পিছে এসপ্তাহ মৃত্যুৰ সৈতে যুঁজি নিয়তিৰ ওচৰত হাৰ মানি পৃথিৱীৰ পৰা চিৰ বিদায় লৈছিল ঝংকাৰে৷ নিজ চকুৰ ওচৰতে পুত্ৰৰ ওপৰত চলা নিৰ্মম প্ৰহাৰ অসহায়ভাৱে প্ৰত্যক্ষ কৰিছিল ঝংকাৰৰ পিতৃ হৰেণ শইকীয়াই৷

উক্ত গোচৰত দুজন আৰক্ষীৰ লোককে ধৰি মুঠ ১৬ জনক অভিযুক্ত কৰে তদন্তকাৰী বিষয়াই৷ ইয়াৰে ১৪ জন ডিফু কাৰাগাৰত কাৰাবন্দী হৈ আছে৷ আনহাতে গোচৰটোত অভিযুক্ত হোৱা দুই আৰক্ষী হৈছে ক্ৰমে ৰমেশ নাথ আৰু হাৰুণ বৰা৷

দুই আৰক্ষীৰ সম্মুখতে ঝংকাৰৰ ওপৰত উপৰ্যুপৰি আক্ৰমণ চলিছিল যদিও আৰক্ষীৰ লোক দুজনে উন্মুক্ত জনতাক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছিল৷ এতিয়া সম্প্ৰতি ২৪ ফেব্ৰুৱাৰী দিনটোলৈ অপেক্ষা ঝংকাৰ পৰিয়ালৰ লগতে সমগ্ৰ অসমবাসীৰ৷

Photo: Time8