21 C
Guwahati
Sunday, April 11, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ২৬ ফেব্ৰুৱাৰী- একেদিনাই ভাৰত বন্ধ আৰু চকা বন্ধৰ ঘোষণা, ব্যৱসায়িক সংস্থাৰ লগতে অজাপৰো সমৰ্থন

    ২৬ ফেব্ৰুৱাৰী- একেদিনাই ভাৰত বন্ধ আৰু চকা বন্ধৰ ঘোষণা, ব্যৱসায়িক সংস্থাৰ লগতে অজাপৰো সমৰ্থন

    কাইলৈ ২৬ ফেব্ৰুৱাৰী- একেদিনাই ভাৰত বন্ধ আৰু চকা বন্ধৰ ঘোষণা, ব্যৱসায়িক সংস্থাৰ লগতে অজাপৰো সমৰ্থন এই ভাৰত বন্ধত। একেদিনাই ভাৰত বন্ধ আৰু চকা বন্ধৰ ঘোষণা কাইলৈৰ দিনটোত।

    কনফেডাৰেশ্যন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্চৰ বন্ধৰ আহ্বান। ব্যৱসায় সৈতে জড়িত বহুকেইটা আইন বাতিলৰ দাবীৰে এই ভাৰত বন্ধৰ আহ্বান।

    শেহতীয়া সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) সংশোধনী তথা প্ৰস্তাৱিত ই-ৱে বিধেয়কৰ বিৰোধিতাত সৰ্বভাৰতীয় ব্যৱসায়ী সন্থাই আনহাতে ইন্ধনৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ভাৰত পৰিবহণ কৰ্মী কল্যাণ সংঘই চকা বন্ধৰ আহ্বান। সমগ্ৰ দেশতে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য একে কৰাৰো দাবী।

    ‘ব্যৱসায় বন্ধ’লৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে কামৰূপ চেম্বাৰ্চ অফ কমাৰ্চে, লগতে অসম জাতীয় পৰিষদেও। দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘যদি জিএছটি সংশোধনী ৰূপায়ণ কৰা হয় তেন্তে ব্যৱসায়ীসকল যথেষ্ট ক্ষতিগ্ৰষ্ট হ’ব’।

    উল্লেখ্য যে, দেশৰ বিভিন্ন ৰাজ্যৰ ৪০ হাজাৰৰো অধিক ব্যৱসায়িক সংস্থাই সমৰ্থন আগবঢ়াইছে এই ভাৰত বন্ধত।

    আৰু পঢ়ক : অন্তৱৰ্তীকালীন কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ তালিকা, অধ্যক্ষ নিযুক্তি বঙাইগাঁৱৰ হিতেশ্বৰ বৰ্মন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং