20 C
Guwahati
Tuesday, April 13, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    টোল গেট আৰু অখিল গগৈৰ গ্ৰেপ্তাৰ!

    ভাবিবলৈ লৈছো CAA বিৰোধী আন্দোলনৰ আলম লৈ অখিল গগৈক গ্ৰেপ্তাৰৰ আঁৰত টোলগেট মুকলিৰ সংযোগ আছে

    মই ব্যক্তিগতভাৱে সকলো চৰকাৰীক বা মাচুল সংগ্ৰহৰ আঁচনিয়েই বেয়া বুলি নাভাবো। সেয়ে দেশৰ টোল গেটসমূহৰো বিৰোধী নহয়। কিন্তু অসমৰ টোল গেটসমূহ আৰম্ভ কৰাৰ বিৰোধিতা কৰিছো।

    ভাবিবলৈ লৈছো CAA বিৰোধী আন্দোলনৰ আলম লৈ অখিল গগৈক গ্ৰেপ্তাৰৰ আঁৰত টোলগেট মুকলিৰ সংযোগ আছে।

    কাৰণ কেবাটাও আছে।

    সঘনাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গৈ থাকো। নিজে দেখা কেইটামান কথা সন্নিবিষ্ট কৰিবলৈ বিচাৰিছো।

    এয়া অৱশ্যে কেৱল আজিৰ চৰকাৰখনৰ ওপৰত দোষাৰোপ নহয়। দীৰ্ঘকাল শাসনত থকা কংগ্ৰেছ মূল দায়ী। কংগ্ৰেছৰ নীতিৰ বাবেই আজিৰ দুৰৱস্থা।

    প্ৰথম কথা গুৱাহাটীৰ পৰা শিলচৰলৈ পথচোৱাৰ নিৰ্মাণ সমাপ্ত হোৱা নাই। দ্বিতীয় কথা এই নিৰ্মাণ কেলেংকাৰীৰ বাবে নিম্নমানৰ হৈছে। তৃতীয় কথা পথচোৱাৰ কোনো মেৰামতি নাই। চতুৰ্থ কথা ৰাষ্ট্ৰীয় ঘাইপথত থাকিবলগীয়া সা-সুবিধাসমূহ আৰু জৰুৰীকালীন সেৱাসমূহ নাই।

    যিহেতু উজনিলৈ নগাঁৱৰ পৰা পথ নিৰ্মাণ হোৱা নাই, সেই হেতুকে ৰহালৈকে সৰু গাড়ীতে ৬০/৭০টকা টোল দিব লাগিব। পথ ব্যৱহাৰৰ হিচাপত কিলোমিটাৰত নূন্যতম এটকা মান কৰ হ’ব। যিটো অধিক। এটা মসৃণ পথেৰে যদি অন্তত: আৰু এশ কিল’মিটাৰ যাব পাৰিলোহেতেন তেন্তে আপত্তি নাছিল।

    আপুনি গাড়ী চলাই গৈ থাকোতে দেখিব প্ৰায়ে প্ৰতিখন দলং বা ফ্লাই অভাৰ বা আণ্ডাৰ পাছৰ দুয়োপাৰে এটা প্ৰচণ্ড ঠেকেচা খাব লাগে। কাৰণ এই অংশসমূহ হয় ওখ, নহয় চাপৰ। ফলত এয়া বিজ্ঞানসন্মত নিৰ্মাণ নহয় আৰু ঘাইপথ নিৰ্মাণৰ নীতি ভংগ হৈছে। ই দুৰ্ঘটনা, গাড়ীৰ ক্ষতি আৰু শাৰীৰিক ক্ষতিৰ কাৰণ। টোল যদি নয়ডা, গুৰগাঁৱৰ সমহাৰত দিব লাগে, পথো তেনেকুৱা হ’ব লাগিব। তেনেকুৱা পথৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱালৈকে এনে টোল দিয়াৰ যুক্তি নেদেখো।

    পথৰ কেকুৰী, ঘূৰ্ণী সমূহ বিজ্ঞানসন্মত নহয়। ফলত এই পথটো দেশৰ অধিক দুৰ্ঘটনা হোৱা পথ সমূহৰ অন্যতম।

    ৰোড ছাইড এছিছটেণ্ট নাই। জৰুৰীকালীন ফোনৰ ব্যৱস্থা নাই। জৰুৰীকালীন এম্বুলেঞ্চ নাই। এশ কিলমিটাৰত থাকিবলগীয়া ট্ৰমা চেণ্টাৰৰ ধন আত্মসাৎ কৰি গুদামৰ দৰে ঘৰ কেইটামান সাজি থৈছে। বহু ঠাইত ঠেকেছনিত কঁকাল ভাঙিব পৰা গাঁত।

    সিদিনা নিশা মই নগাঁৱলৈ গৈ আছিলো। বাটত তিনিৰ পৰা চাৰিখন বিকল ট্ৰাক/বাছ এনেকৈ ৰৈ আছিল যে দুৰ্ঘটনা নোহোৱাটো কেৱল ভগৱানৰ দয়া বুলি পতিয়ন যোৱাৰ বাহিৰে আন কোনো কাৰণ নাই। কাৰণ জৰুৰীকালীন ক্ৰেণ আদি সাজু হৈ নাথাকে। যোৰাবাটত এয়া দৈনন্দিন দৃশ্য।

    চৰকাৰে মুঠতে আঠটা টোল গেট বহুৱাবলৈ বিচাৰিছে।

    বেছিভাগ পথতে ট্ৰাক পাৰ্কিং য়াৰ্ড নাই। বিজনীৰ ওচৰত দেখো শ শ ট্ৰাক পথৰ ওপৰতে ৰৈ থাকে। গুৱাহাটীৰ দুয়ো পাৰে একেই অৱস্থা। এনে ৰৈ থকা গাড়ীত খুন্দা মৰাৰ ফলত অসমে বহু সুসন্তান হেৰুৱাইছে। এইটো ৰাষ্ট্ৰীয় ঘাইপথৰ দায়িত্ব। পথ সূচক, বিশেষকৈ শীতৰ কুঁৱলীত আৰু বাৰিষাৰ ঘন বৰষুণত সহায় হোৱা আধুনিক ইণ্ডিকেটৰ, ৰিফ্লেক্টৰ নাই। থকা কেইটাও তথৈবচ।

    অথচ অসমৰ বেছিভাগ টোল গেটৰ নিৰিখ দেশৰ তুলনাত সামান্য হ’লেও বেছি।

    দেখা গৈছে নগাঁৱৰ পৰা ডিব্ৰুগড়লৈ নিৰ্মাণ হৈ থকা পথচোৱাত আৰু অধিক নিম্নমানৰ কাম হৈছে।

    উত্তৰপাৰত কি কাম হৈছে ৰাইজে দেখিছে। বৰাকৰ কথা সকলোৱেই জানে।

    বহু দিনৰ পৰাই অসম তথা উত্তৰ-পূবৰ অনগ্ৰসৰতাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দুটা প্ৰতিষ্ঠান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু ৰে’ল বিভাগক অভিশাপ স্বৰূপ বুলি গণ্য কৰি আহিছো।

    ২০০২-০৩ চন মানতে তেতিয়াৰ প্ৰধানমন্ত্ৰী বাজপেয়ী ডাঙৰীয়াই ইষ্ট ৱেষ্ট কৰিডৰৰ গুজৰাটৰ অংশটো উদ্ধোধন কৰিছিল। ইয়াৰ ডেৰ দশকৰ পিছতো শিলচৰলৈকে পথচোৱাৰ নিৰ্মাণ সম্পূৰ্ণই নহ’ল।

    কাৰণ NHAIৰ কলংক। অসম তথা উত্তৰ-পূবত দেৰি কৰাই প্ৰকল্প ব্যয় বৃদ্ধি কৰি লুণ্ঠন চলাই অঞ্চলটোক অন্ধকাৰলৈ ঠেলি দিছে। বাজপেয়ী ডাঙৰীয়াই উদ্ধোধন কৰাৰ সময়তে আমাৰ পথচোৱাৰ কাম হৈ উঠাহেতেন আমি এতিয়া এইট লনৰ চিন্তা কৰিব পাৰিলোহেতেন। সঁচাকেয়ে পুৰণি এটি ৰোডটো আৰু ৩১ নম্বৰ পথটো আঠ লেনযুক্ত কৰাৰ সময় আহি পৰিছে। কিন্তু যেতিয়ালৈ আমাৰ ফ’ৰলেন হ’ব আৰু আঠ শাৰীৰ প্ৰয়োজন অনুভৱ কৰিম তেতিয়ালৈ দেশৰ বাকী অংশ আগুৱাই বহু দূৰ পাবগৈ।

    পথ প্ৰগতিৰো পথ। অলপতে শিৱসাগৰ জিলাৰ বৰচহকী গাঁৱলৈ গৈছিলো। ৰাইজে গ্ৰাম্য পৰ্যটনৰ বাবে মন মেলিছে। সকলোৰে উৎসাহ দেখি দিচাংপানী বৌদ্ধ বিহাৰৰ কৰ্মকৰ্তা সকলৰো আগ্ৰহ – বোলে অতিথি আহিলে আমাৰ তাতো এপাক সোমাই যাব পাৰিব! অঞ্চলটোত এক তাৰুণ্যৰ উদ্যম। কিয় জানেনে? চেপনৰ পৰা সোণাৰিলৈ পথটো গড়কাপ্তানি বিভাগে বৰ সুন্দৰকৈ নিৰ্মাণ কৰি উলিয়াইছ। পথৰ দাঁতিত বহু দোকান বজাৰো আৰম্ভ হৈছে। চৰকাৰে পথত বিনিয়োগ কৰিলে। এতিয়া ৰাইজে নিজে বিনিয়োগ কৰি নিজৰ সংস্থাপনৰ পথ উলিওৱাৰ লগতে আনকো সংস্থাপন দিছে।

    আমেৰিকাৰ ৰাষ্ট্ৰপতি কেনেডীয়ে এবাৰ কৈছিল
    American roads are not good because America is rich, but America is rich because American roads are good. এই বাক্যশাৰী নীতিন গাডকাৰী ডাঙৰীয়াই প্ৰায়েই কয়।

    মোৰ বিশ্বাস অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এটা সুন্দৰ চাৰি বা তাতোধিক লেনৰ পথে যি স্বঃনিয়োজনৰ পথ মুকলি কৰিব সেয়া চৰকাৰৰ বাবেও ডাঙৰ সকাহ হ’ব সেয়া নিশ্চিত। কাৰণ মোৰ নিজৰেই ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ঘৰ আৰু একাধিক স্থানত মাটি অধিগ্ৰহণ কৰি ক্ষতিপূৰণো দিছে।

    মোৰ দৰে বহু লোকে আন্তঃগাঠনিত বিনিয়োগৰ বাবে পথচোৱাৰ নিৰ্মাণ সম্পূৰ্ণ হোৱালৈ ৰৈ আছে। আজি কালি বেংকেও বিনিয়োগৰ আগ্ৰহ প্ৰকাশ কৰে। গতিকে এই পথে বিনিয়োগ আৰু নিয়োজনৰ অপাৰ সম্ভাৱনা মুকলি কৰিব বুলি মই সৰ্বান্তকৰণে বিশ্বাস কৰো।

    ৰে’ল বিভাগৰ ক্ষেত্ৰটো একেই মত। আজিও আমি গুৱাহাটীলৈ বিদ্যুৎ চালিত ৰে”ল আৰু দুশাৰীৰৰ পথ পোৱা নাই। ইপিনে দেশত বুলেট ট্ৰেইনৰ সম্পৰীক্ষা পাৰ হৈ হাইপাৰ লুপৰ চিন্তা চৰ্চা চলি আছে। আমি সেই পৰ্যায় পাবলৈ শতিকাও লাগি যাব পাৰে!

    ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ধমক খোৱাৰ পিছত উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই এটা ‘কাল্পনিক’ গহ্বৰ দুমাহত পুতি যুগ যুগ ধৰি পিছুৱাই থকা লামডিং-শিলচৰ ৰে’ল পথৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছিল।

    একে দৃশ্য দেখা গৈছিল বগীবিল দলং, ঢলা শদিয়া দলং, গেছ ক্ৰেকাৰৰ ক্ষেত্ৰটো। শুনামতে নামনি সোৱণশিৰী প্ৰকল্প (মই বৃহৎ বান্ধৰ বিৰোধী) কাম পিছুৱাই ৰাখিবলৈ বিষয়াৰ আগ্ৰহ সকলোতকৈ বেছি। সকলোতে ব্যয় বঢ়াই ঠিকাদাৰৰ সৈতে ৰাইজৰ ধন লুটি খোদাৰ ফন্দী।

    এই দুটা বিভাগৰ বিষয়া সকলে আমাক অন্ধকাৰৰ গহ্বৰলৈ ঠেলিছে। আৰু এটা কথা। NHIDCL ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ দৰে এটা বগা হাতী হ’বলৈ গৈ আছে এনেবোৰ কাৰণতে।

    …ইত্যাদি বহু কাৰণত মই টোল গেটৰ বিৰোধী। প্ৰথমে দেশৰ অন্যান্য চহৰৰ দৰে পথ উন্নত কৰক। সুবিধাসমূহ দিয়ক। ব্যৱস্থা সমূহ উপলব্ধ কৰাওক। সময়ত প্ৰকল্পসমূহ শেষ কৰক। সত্তৰ বছৰে যিমান পিছ পৰিলো সেয়া পূৰণ কৰাৰ বাবে এঢাপ আগুৱাই প্ৰকল্প ৰূপায়ন কৰক। যিদিনা আমি অনুভৱ কৰিম আমি দেশৰ আন অংশৰ সমকক্ষ হৈছো সেইদিনা আনন্দ মনেৰে মাচুল দিম। তুমি তেওঁক দহ টকা দিবা আৰু এটকা ঘূৰাই লবা আৰু মোক দুটকা দি এটকা ঘূৰাই লবা; সেইটো হ’ব নোৱাৰে।

    প্ৰতিবাদী কণ্ঠ শক্তি প্ৰয়োগেৰে দমন কৰি যদি এতিয়াও বলপূৰ্বক আদায় কৰে, তেতিয়াও হয়তো দিব লাগিব! দিম! কিন্তু দেশে অন্যায় কৰা বুলি, পক্ষপাত কৰা বুলি, বঞ্চনা কৰা বুলি মনৰ ভিতৰত জুইকুৰা জ্বলি থাকিব।

    কথা সিমানেই।

    লেখক TIME8ৰ সম্পাদক | প্ৰকাশিত প্ৰবন্ধত উল্লেখ কৰা মতামত লিখকৰ নিজস্ব আৰু সেই মতামতে TIME8ৰ বক্তব্য প্ৰতিফলিত নকৰিবও পাৰে।

    Published:

    11 COMMENTS

    Comments are closed.

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published