34 C
Guwahati
Monday, September 20, 2021
More

    অলিম্পিকৰ দ্বিতীয় দিন, ভাৰতীয় খেলুৱৈৰ পদকৰ জোলোঙা খোলা সময়…

    উত্তৰ পূৱৰ খেলুৱৈৰ জৰিয়তে এইবাৰ ভাৰতৰ জোলোঙালৈ প্ৰথমটো পদক অহাৰ প্ৰৱল সম্ভাৱনা।

    আজি ২৪ জুলাই তাৰিখ অলিম্পিক মহাৰণৰ দ্বিতীয়টো দিন। আজিৰে পৰা ভাৰতীয় খেলুৱৈ সকলে পদকৰ জোলোঙা খোলাৰ প্ৰৱল সম্ভাৱনা থকা এটা দিন। ইতিমধ্যে শ্বুটিং ইভেণ্টৰ ১০ মিটাৰ ৰাইফলত যুঁজ আৰম্ভ হৈছে ভাৰতীয় খেলুৱৈৰ।

    পুৱা ৬ বজাৰ পৰা আৰম্ভ হৈছে যুঁজ। আৰ্চাৰীত মিক্সৰ অন্তিম ৮ ৰ যুঁজত অৱতীৰ্ণ হৈছে দীপিকা কুমাৰী আৰু প্ৰৱীণ যাদৱ। ১২.৫৫ বজাত চূড়ান্ত প্ৰতিযোগিতা।

    ৬.৩০ বজাৰ পৰা আৰম্ভ হৈছে হকী। পুৰুষৰ খেলত ভাৰতে নিউজিলেণ্ডৰ সৈতে যুঁজ দি আছে। সন্ধিয়া ৫.১৫ বজাৰ পৰা মহিলা হকী দলে নেদাৰলেণ্ডৰ সৈতে যুঁজ দিব।

    বেডমিণ্টন, বক্সিং, জুডো, শ্বুটিং, টেবুল টেনিছ, টেনিছ, ভাৰত্তোলনতো পদক যুঁজত নামিব ভাৰতীয় খেলুৱৈ।

    ভাৰত্তোলনতো ১০.২০ বজাত ৪৯ কেজি শাখাত স্বৰ্ণ পদক যুঁজত অৱতীৰ্ণ হব উত্তৰ পূৱৰ মীৰাবাঈ চানু। মীৰাবাঈৰ জৰিয়তে এইবাৰ ভাৰতৰ জোলোঙালৈ প্ৰথমটো পদক অহাৰ প্ৰৱল সম্ভাৱনা।

    আৰু পঢ়ক : ন-বিজেপি ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে এজাহাৰ দাখিল অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং