26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বিশ্ব ক্ৰীড়াৰ মহাৰণ আৰম্ভ; জয়েৰে অভিযানৰ পাতনি মেলিলে আয়োজক জাপানে

    বিশ্ব ক্ৰীড়াৰ মহাৰণ আৰম্ভ; জয়েৰে অভিযানৰ পাতনি মেলিলে আয়োজক জাপানে

    বিভিন্ন ভয়-শংকাৰ মাজেৰে অৱশেষত টকিঅ’ অলিম্পিক ২০২০ ৰ সফলতাৰে শুভাৰম্ভণি হ’ল। জাপানৰ ৰাজধানী টকিঅ’ত অনু্ষ্ঠিত ৩২ সংখ্যক অলিম্পিক খেলৰ আৰম্ভণি আজি পুৱা মহিলাৰ ছফ্টবল ইভেণ্টেৰে আৰম্ভ হৈছে।

    জাপান আৰু অষ্ট্ৰেলিয়াৰ মাজত হোৱা এই ইভেণ্টৰ প্ৰথমখন মেচত আয়োজক দেশখনে শেষ হাঁহি মাৰে।

    উল্লেখ্য যে আনুষ্ঠানিকভাৱে ২৩ জুলাইত আৰম্ভ হ’ব এই ক্ৰীড়া মহোতসৱখনি। কিন্তু তাৰ পূৰ্বেই খেল আৰম্ভ হোৱা বুলি পঢ়ি হয়টো অলপ আচৰিত হ’ব পাৰে।

    প্ৰকৃততে প্ৰতিটো অলিম্পিকতে উদ্বোধনী অনুষ্ঠানৰ আগেয়ে কিছুমান খেল আৰম্ভ হয়। সে অনুসৰি আজি ছফ্টবল ইভেণ্ট আৰম্ভ হয়। ইয়াৰ উপৰি বেছবল আৰু ফুটবল খেলো আজিৰ পৰা আৰম্ভ হ’ব।

    এইবাৰৰ অলিম্পিকত বেছবলকো অন্তৰ্ভুক্ত কৰা হৈছে।   

    ২৩ জুলাই পৰা ৮ আগষ্টলৈ চলিব লগীয়া ক্ৰীড়াৰ এই মহাৰণত ২০৫ খন দেশৰ ১১ হাজৰৰো অধিক এথলীটে অংশ ল’ব।

    আৰু পঢ়ক : নিশা পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য, জানো আহক ইয়াৰ প্ৰাবল্য আৰু অভিকেন্দ্ৰ..

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং