29 C
Guwahati
Monday, July 26, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    শেষ মুহূৰ্তত বাতিল হ’ব পাৰে টকিঅ’ অলিম্পিক! আয়োজক সমিতিৰ প্ৰধানৰ ইংগিত

    কৰ’ণা ভাইৰাছৰ ভয়াৱহ সংক্ৰমণ মাজতে অহা ২৩ জুলাইৰ পৰা জাপানৰ ৰাজধানীত টকিঅ’ত আৰম্ভ হ’ব অলিম্পিক গেইমছ।

    বিশ্বৰ সৰ্ববৃহত প্ৰতিযোগিতাখনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠাৰ সময়তে আয়োজক সমিতিৰ অধ্যক্ষৰ এটা মন্তব্যই চিন্তিত কৰি তুলিছে ক্ৰীড়াপ্ৰেমীক।

    বিবিচিৰ তথ্য অনুসৰি আয়োজক সমিতিৰ অধ্যক্ষ তোশ্বিৰো মুটোৱে এখন সংবাদমেলত টকিঅ’ অলিম্পিক বাতিল হোৱাৰ সম্ভাৱনা অস্বীকাৰ কৰা নাই।

    তেওঁ লগতে কৰ’ণাৰ সংক্ৰমণ বৃদ্ধি পাই থাকিলে আলোচনা অব্যাহত ৰাখিব বুলিও স্পষ্ট কৰি দিয়ে।

    সংবাদমেলত তেওঁক সোধা হৈছিল যে অন্তিম মুহূৰ্তত প্ৰতিযোগিতাখন স্থগিত কৰ হ’ব নেকি? ইয়াৰ উত্তৰত তেওঁ কয় যে কৰ’ণাৰ সংক্ৰমণ বাঢ়ি থাকিবও পাৰে বা কমিবও পাৰে। সেয়ে কি কৰিব লাগে সময়ত সিদ্ধান্ত লম।

    অলিম্পিক ২৩ জুলাইৰ পৰা আৰম্ভ হ’ব আৰু ৮ আগষ্টত শেষ হ’ব। ২৪ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া পেৰালিম্পিক গেমছ ৫ ছেপ্টেম্বৰত সমাপ্ত হ’ব।

    উল্লেখ্য যে টকিঅ’ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ দুদিন পূৰ্বে অলিম্পিকৰ সৈতে জড়িত কৰ’ণা সংক্ৰমণৰ ঘটনা ৬৭ লৈ বৃদ্ধি পাইছে।   

    আৰু পঢ়ক : পুৰণি কাপোৰ বিক্ৰী কৰি কোটি কোটি টকা উপাৰ্জন এগৰাকী মডেলৰ, পুৰণি ছেন্দেল পৰ্যন্ত বিক্ৰী

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং