ব্ৰাছ অনালৈ অপেক্ষা নকৰি এগৰাকী সাংসদে হাতেৰে চাফা কৰিলে শৌচাগাৰ! ভাইৰেল হ’ল ভিডিঅ’

0
3072

ব্ৰাছ অনালৈ অপেক্ষা নকৰি এগৰাকী সাংসদে হাতেৰে চাফা কৰিলে শৌচাগাৰ! ভাইৰেল হ’ল ভিডিঅ’

সামাজিক মাধ্যমত এটা ভিডিঅ’দ্ৰুত গতিত ভাইৰেল হৈ আছে। ভিডিঅ’টোত দেখা পোৱা গৈছে যে এজন বয়স্থ ব্যক্তিয়ে এটা শৌচালয় হাতেৰে চাফা কৰি আছে।

দৰাচলতে ভিডিঅ’টোত থকা এই ব্যক্তি গৰাকী মধ্য প্ৰদেশৰ ৰীৱা জিলাৰ লোকসভাৰ সাংসদ জনাৰ্দন মিশ্ৰা। জানিব পোৱা মতে সাংসদ গৰাকীক তেওঁৰো সমষ্টিৰ এখন বালিকা বিদ্যালয়ত বৃক্ষ ৰোপণ কাৰ্যসূচীৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল।

অনুষ্ঠানটোৰ পিছত সাংসদ গৰাকীয়ে হাত ধুৱলৈ যাওঁতে বিদ্যালয়খনৰ লেতেৰা শৌচাগাৰটো দেখে। লেতেৰা শৌচাগাৰটো দেখি জনাৰ্দন মিশ্ৰাই এটা বাল্টিত পানী লৈ সেই লেতেৰা শৌচাগাৰটো চাফা কৰাত লাগে।

শৌচাগাৰটো চাফা কৰাৰ সময়ত ব্ৰাছ আনিবলৈ অপেক্ষা কৰাৰ পৰিৱৰ্তে তেওঁ হাতেৰে পৰিষ্কাৰ কৰিবলৈ আৰম্ভ কৰে। এই সন্দৰ্ভত তেওঁক প্ৰশ্ন কৰাত মিশ্ৰাই কয় যে,”সকলোৱে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা উচিত।

মহাত্মা গান্ধীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈকে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাৰ্তা প্ৰদান কৰিছে,” জানিব পৰা মতে ২০১৮ চনতো সাংসদ গৰাকীয়ে এনেদৰেই আন এখন বিদ্যালয়ৰ শৌচাগাৰ চাফা কৰিছিল, যিটোৰ ভিডিঅ’ও সামাজিক মাধ্যমত ভাইৰেল হৈছে।