আজি ভাগ্যই লগ দিবনে আপোনাক, জানিবলৈ পঢ়ক আজিৰ ৰাশিফলআজি ভাগ্যই লগ দিবনে আপোনাক, জানিবলৈ পঢ়ক আজিৰ ৰাশিফল

0
5549

আজি ভাগ্যই লগ দিবনে আপোনাক, জানিবলৈ পঢ়ক আজিৰ ৰাশিফলআজি ভাগ্যই লগ দিবনে আপোনাক, জানিবলৈ পঢ়ক আজিৰ ৰাশিফল

মেষ – দিনটোত কামৰ চাপ পৰিব।সম্পৰ্কত ভুল বুজাবুজি আৰু সমস্যাৰ সম্ভাৱনা। পেটৰ অসুখ হ’ব পাৰে | শুভ সংখ্যা ৭, শুভ ৰং গোলপীয়া |

বৃষ – ব্যৱসায়ী সকলৰ বাবে দিনটো অতি শুভ | সম্পৰ্কত দ্বিতীয় সুযোগ দিয়াৰ বাবে আজিৰ দিনটো উত্তম দিন | শুভ সংখ্যা ১, শুভ ৰং হালধীয়া |

মিথুন – শিক্ষাৰ্থী সকলে সফলতা লাভ কৰিবলৈ যথেষ্ট কষ্ট কৰিব লাগিব | মানসিক শান্তি বিঘ্নিত হ’ব পাৰে। শুভ সংখ্যা ৯, শুভ ৰং সেউজীয়া |

কৰ্কট – কৰ্ম স্থান সলনি হ’ব | স্বাস্থ্যৰ প্ৰতি যতন লোৱা প্ৰয়োজন | প্ৰেমত শুভ | শুভ সংখ্যা ৩, শুভ ৰং আকাশী |

সিংহ – মানসিক চাপ বাঢ়িব পাৰে। ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰতো কিছু চাপ অনুভৱ হ’ব। শুভ সংখ্যা ৮, শুভ ৰং বগা |

কন্যা – আজি দিনটো আপোনাৰ বাবে শুভ | দিনটোট কৰ্মদক্ষতা বাঢ়িব | সন্মান লাভ কৰিব | শুভ সংখ্যা ২, শুভ ৰং বাদামী |

তুলা- কৰ্মক্ষেত্ৰত গোপন ষড়যন্ত্ৰৰ বলি হ’ব পাৰে| কামৰ চাপ বাঢ়িব পাৰে। পৰিয়ালত অৰ্থৰ প্ৰয়োজন হ’ব।শুভ সংখ্যা ১, শুভ ৰং সেনালী |

বৃশ্চিক- আৰ্থিক ক্ষতিৰ বাবে মানসিক যন্ত্ৰণাৰ সৃষ্টি হ’ব পাৰে। শাৰীৰিক সমস্যাইয়ো দেখা দিব পাৰে | ব্যৱসায়ীত মধ্যমীয়া | শুভ সংখ্যা ৬, শুভ ৰং ৰঙা |

ধনু- সিদ্ধান্ত লোৱাৰ পূৰ্বে ভালকৈ ভাবক। হাতলৈ ধন অহাৰ সম্ভাৱনা আছে | শিক্ষাৰ্থী সকলৰ বাবে দিনটো ভাল | শুভ সংখ্যা ৪, শুভ ৰং মেৰুণ |

মকৰ – স্বাস্থ্যৰ বাবে বিশ্ৰামৰ প্ৰয়েজন হ’ব | আৰ্থিক আৰু কেৰিয়াৰ দুয়োটা ক্ষেত্ৰতে সম্ভাৱনা বৃদ্ধি পাব। শুভ সংখ্যা ৯, শুভ ৰং নীলা |

কুম্ভ – কোনো বিষয়ত সন্মান লাভ কৰিব | প্ৰিয়জনৰ পৰা উপহাৰ লাভ কৰাৰ সম্ভাৱনা আছে | ব্যৱসায়ীত লাভৰ সম্ভাৱনা কম | শুভ সংখ্যা ৫, শুভ ৰং বগা |

মীন – আজি বাস্তৱ আৰু আবেগৰ মাজত দ্বন্দ্ব সৃষ্টি হ’ব পাৰে। মনলৈ হতাশা আহিব | দাম্পত্যত বুজা-পৰা বাঢ়িব|শুভ সংখ্যা ৩, শুভ ৰং পাতল নীলা |