আজি কাতি বিহু, পুৱাই উঠি তুলসী পুলি ৰোৱাত ব্যস্ত অসমবাসী

0
543
আজি কাতি বিহু

আজি কাতি বিহু, পুৱাই উঠি তুলসী পুলি ৰোৱাত ব্যস্ত অসমবাসী

আজি ৰাজ্যবাসীয়ে উদযাপন কৰিব অসমীয়াৰ বাপতি সাহোন তিনি বিহুৰ এবিধ কাতি বিহু । প্ৰতিঘৰ অসমীয়াই পুৱাৰে পৰা ঘৰ দুৱাৰ চাফ-চিকুন কৰি ঘৰৰ চোতালত তুলসী পুলি ৰোৱা নাইবা পূৰ্বৰে পৰা থকা তুলসীৰ তল ভালদৰে মচি কাচি থোৱাত ব্যস্ত হৈ পৰিছে।

কৰণাৰ মাজতে ৰাজ্যত এইবেলি দ্বিতীয় বাৰৰ বাবে উদযাপন হবলৈ গৈ আছে অতিকে সেৰেঙা বিহু। এফালে কৰণাৰ কবলত পৰি আৰ্থিক সমস্যাৰে যুঁজ দি আছে, আনফালে আকা আহিন কাতিৰ এই সময় চোৱাত উদং ভঁৰাল।

সকলো ফালৰ পৰা অভাৱ অনাটনৰ মাজতে আজি ৰাজ্যবাসীয়ে আই লক্ষ্মীক পূজা কৰিব। তুলসীৰ তলত চাকি দি ঘৰৰ সকলো অপায় অমংগত আঁতৰ কৰি সুখ আনাৰ বাবে প্ৰাৰ্থনা জনাব।

ঠন ধৰি উঠা লাহে লহে পকিবলৈ ধৰা খেতিদৰা ভালে থকাৰ বাবে আই লক্ষ্মীক আদৰাৰ বাবে খেতিপথাৰতো আকাশ বন্তি লগাব। কোনোৱে যদি তিনিদান খুতি পুতি তাৰ ওপৰত চাকি দিব, কোনোৱে আকৌ এডাল চোচনিৰে মূৰটো কেইবাটাও ভাগ কৰি কাটি তাৰ খোৰোঙত চাকি দিব।

কোনোৱে যদি মাটি চাকিৰে প্ৰাৰ্থনা আগবঢ়াব, কোনোৱে আকৈ ঔ টেঙাৰ এটা পাহীত তেল শলিতা দি চাকি দিব, কোনোৱে আকৌ অমিতা দুচেও কৰি তাৰে এভাগৰ মাজৰ চোৱা চাফ চিকুন কৰি তাতেই তেল শলিতাৰে তাকি দিব খেতিদৰাত।

সকলোৰে এটাই হব প্ৰাৰ্থনা সকলো অপায় অমংগল, বাধা বিঘিনি আতৰি ঘৰলৈ লক্ষ্মীৰ আগমন হওঁক।

আৰু পঢ়ক : হাৰিয়ানত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙক গ্ৰেপ্তাৰ