আজি শিশু দিৱস ! জানো আহক পণ্ডিত জৱাহৰলাল নেহৰুৰ কিছু নজনা কথা

0
7244

আজি শিশু দিৱস ! জানো আহক পণ্ডিত জৱাহৰলাল নেহৰুৰ কিছু নজনা কথা

ভাৰতবৰ্ষৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো প্ৰতিবছৰে দেশবাসীয়ে শিশু দিৱস হিচাপে পালন কৰি আহিছে ।

পণ্ডিত নেহৰুৱে শিশু সকলক বৰ ভাল পাইছিল সেয়েহে তেওঁৰ ওপজা দিনটো শিশু দিৱস হিচাপে উদযাপন কৰা হয় ।

ভাৰতৰ প্ৰথমজন প্রধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল ১৮৮৯চনৰ ১৪ নবেম্বৰত ।

শিশুসকলৰ স্বাধীনতা ,শিক্ষা, উন্নয়নৰ বাবে তেথেতে বিশেষ পন্থা হাতত লৈছিল।

তেখেতৰ ধাৰণা আছিল এনেধৰণৰ শিশুসকলেই দেশৰ প্ৰগতি, দেশৰ ধৰণী ।আজি শিশু কালিলৈ দেশৰ ভবিষ্যত ।

সেয়ে উঠি অহা প্ৰজন্মক নেহৰুৱে গুৰুত্ব প্ৰদান কৰিছিল।শিশুসকলে পণ্ডিত নেহৰুক নেহৰু খুড়া বুলি সম্বোধন কৰিছিল।

আনহাতে ২০ নৱেম্বৰ দিনটো আন্তৰাষ্ট্ৰীয়ভাৱে শিশু দিৱস হিচাপে পালন কৰা হয় ।

নেহেৰুৰ জন্মদিনটোত কিয় শিশু দিৱস হিচাবে পালন কৰা হয় তাৰ কাৰণটো হ’ল শিশু সকলৰ প্রতি নেহেৰুৰ অকৃত্রিম ভালপোৱা আৰু আকাঙ্খা |

স্বাধীনতাৰ বাবে তেওঁৰ দীর্ঘ সংগ্রামৰ পিছত পণ্ডিত নেহেৰুক দেশৰ বিশেষ শিশু প্রধান মন্ত্রী বুলিও অভিহিত কৰা হয়।
পণ্ডিত জৱাহৰলাল নেহৰুৰ কেইটামান নজনা কথা—

১ ) পণ্ডিত জৱাহৰলাল নেহৰু কাশ্মীৰৰ এটা পণ্ডিত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। আৰু তেওঁৰ দুগৰাকী ভগ্নী আছিল।

২) পণ্ডিত জৱাহৰলাল নেহৰুৱে কেতিয়াও নবেল বঁটা লাভ কৰা নাছিল| অৱশ্যে তেওঁ ১৯৫০ চনৰ পৰা ১৯৫৫ চনৰ ভিতৰত ১১ বাৰ মনোনীত হৈছিল।

৩ ) ১৯০৭ চনত কেমব্ৰিজৰ ট্ৰিনিটি কলেজত নাম ভৰ্তি কৰাৰ পিছত নেহৰুৱে ১৯১০ চনত প্ৰাকৃতিক বিজ্ঞানত ডিগ্ৰী লাভ কৰিছিল |

৪ ) দেশৰ স্বাধীনতাৰ সময়ত তেওঁ বহুবাৰ জেললৈ গৈছিল | ১৯৩৫ চনত কাৰাগাৰত থাকোতে তেওঁ এখন আত্মজীৱনীও লিখিছিল।

ইয়াক “স্বাধীনতাৰ দিশত” নাম দিয়া হৈছিল| যাক ১৯৩৬ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত মুকলি কৰা হৈছিল।

৫ ) পণ্ডিত নেহৰুৰ ১৯৬৪ চনৰ ২৭ মে’ত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় আৰু প্ৰায় ১.৫ নিযুত লোকে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত আছিল |