আজি ১ ফেব্ৰুৱাৰী, পৰিৱৰ্তন হ’ব কেইবাটাও দিশ

'ভাৰতীয় জীৱন বীমা নিগম'তো ব্যাপক পৰিৱৰ্তন

0
81

আজি ২০২০চনৰ ১ ফেব্ৰুৱাৰী, যিটো হ’বলৈ গৈ আছে এক উল্লখনীয় দিন। পৰিবৰ্তন হ’ব কেইবাটাও দিশ। টকা আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীত পৰিব প্ৰভাৱ। কাৰোবাৰ জেপত পৰিব পোণপটীয়া প্ৰভাৱ। কেন্দ্ৰীয় বাজেট দাখিলৰ লগতে সলনি হ’ব LIC, বন্ধ হৈ পৰিব ২৩ খন কৈ পলিচী, কিছু স্মাৰ্টফোনৰ পৰা বাদ পৰিব WhatsApp, ৰন্ধন গেছৰ মূল্যতো ব্যাপক প্ৰভাৱ।

ভৱিষ্যতৰ কিছু পৰিৱৰ্তনৰ বাবে আজি হ’ব তাৰ প্ৰথমটো খোজ। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উত্থাপন কৰিব তেওঁৰ কাৰ্যকালৰ দ্বিতীয়খন বাজেট। দিনৰ ১১ বজাত সদনত দাখিল হ’ব এই বাজেট।

বাজেটৰ বাহিৰে জীৱন বীমা ‘ভাৰতীয় জীৱন বীমা নিগম’তো ব্যাপক পৰিৱৰ্তন হ’ব। বন্ধ হৈ পৰিব মুঠ ২৩খনকৈ পলিচী। নতুন গাইডলাইনৰ লগত সংগতি নথাক পলিচী বন্ধ। ভাৰতীয় বীমা নিয়ামক তথা বিকাশ প্ৰাধিকৰণে বীমা কোম্পানীসমূহক কিছুমান অলাগতীয়াল লাইফ ইন্সুৰেন্স আৰু ৰাইডাৰ্ছসমূহ বন্ধ কৰাৰ নিৰ্দেশ দিছিল। ইয়াৰ বাবে অন্তিম সময়সীমা দিয়া হৈছিল ৩১ জানুৱাৰী।

আনহাতে পুৰণি এণ্ড্ৰয়ড স্মাৰ্টফোন সমূহত আজিৰ পৰা বন্ধ হৈ পৰিব বহুল ব্যৱহৃত WhatsApp। বিগত বৰ্ষতেই এই কথা সদৰি কৰিছিল WhatsApp-এ।

Photo Credit: time8 digital desk