GST কাউঞ্চিলৰ আজি গুৰুত্বপূৰ্ণ বৈঠক, বৃহত্‍ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাৰ GST Council-এ GST আৰু উপকৰৰ দৰৰ সমীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ পৰামৰ্শ বিচাৰে

0
29

১৮ ডিচেম্বৰ অৰ্থাত্‍ বুধবাৰে GST Councilৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত। স্থানীয় মিডিয়া তথ্য অনুসৰি GST Collection বৃদ্ধি কৰাৰ কথা আলোচনা হোৱাৰ সম্ভাৱনা এই বৈঠকখনত। চৰকাৰে GST Collection বৃদ্ধি কৰিবলৈ ইয়াৰ মূল গাঁথনি সলনি কৰা পৰিকল্পনা কৰিছে। মিডিয়া ৰিপৰ্টছ অনুসৰি জিএছটি সংগ্ৰহৰ অভাৱ পূৰণ কৰিবৰ বাবে চৰকাৰে জিএছটি ৰেট আৰু উপকৰ বৃদ্ধি কৰাৰ সম্ভাৱনা।

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাৰ GST Council-এ GST আৰু উপকৰৰ দৰৰ সমীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ পৰামৰ্শ বিচাৰে। জিএছটি সংগ্ৰহ বৃদ্ধি কৰিবলৈ কাউঞ্চিলে বিভিন্ন সামগ্ৰীৰ মূল্য সমীক্ষা কৰা, কৰ গাঁঠনি সঠিক কৰাৰ বাবে দৰ উচিত কৰিবলৈ, আয় বৃদ্ধি কৰিবলৈ বৰ্তমানৰ সময়ত বলবত্‍ কৰা উপায়ৰ সৈতে অন্য উপায়সমূহৰ বিষয়ে পৰামৰ্শ বিচাৰে।

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া আজিৰ GST Councilৰ বৈঠকত টেক্স শ্লেবৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা।

Photo credit: livemint.com