‘কা’ৰ সমৰ্থনত খানাপাৰাত আজি বিজেপিৰ বিশাল আয়োজন

এই সমাৱেশত ভাগ লবলৈ আহিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা

0
45

‘কা’ৰ সমৰ্থনত খানাপাৰাত আজি বিজেপিয়ে আয়োজন কৰিছে এক বিশাল সমাৱেশ। এই সমাৱেশত ভাগ লবলৈ আহিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা। দিনৰ ১১ বজাত সভাখনত সম্বোধন কৰিব নড্ডাই। ৰাজ্যৰ চৌদিশে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে বিজেপিয়ে আয়োজন কৰিছে এই মহাসভাৰ।
ৰঞ্জিত কুমাৰ দাসে কোৱা অনুসৰি আজিৰ এই সভাত প্ৰায় ৭০ হাজাৰ লোকক সমাগম কৰোৱাৰ লক্ষ্য। য’ত উপস্থিতি থাকিব বিজেপিৰ প্ৰায় সকলো মন্ত্ৰী, বিধায়ক, সাংসদ আদি।

বিজেপিয়ে আয়োজন কৰা আজিৰ এই সমাৱেশত জে পি নড্ডাৰ বাহিৰে অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদৰ ৰাম মাধৱো। দিনৰ ১১বজাৰ পৰা আৰম্ভ হ’বলগা এই সভা নিৰাপত্তা ব্যৱস্থা অধিক কঠোৰ কৰি তোলা হৈছে যাতে কোনো কুটাঘাটৰ আশংকা নাথাকে।

Photo credit: @himantabiswa