31 C
Guwahati
Tuesday, September 27, 2022
More

    আলফাৰ সৈতে যোগাযোগ ৰক্ষা কৰা বোৱাৰীক আটক, আন এজন লিংকমেনো জালত

    স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীয়ে পুনৰ নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাঃ)ৰ দুগৰাকীকৈ লিংকমেনক আটক কৰিবলৈ সক্ষম হৈছে।

    তিনিচুকীয়াত এগৰাকী বোৱাৰীৰ লগতে এজন যুৱকক সংগঠনটোৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগত আটক কৰে।

    আটকাধীন লিংকমেন দুগৰাকী পানীতোলাৰ মৃনালী গগৈ আৰু সৌৰভ চেতিয়া বুলি জানিব পৰা গৈছে।

    দীৰ্ঘদিন ধৰি আটকাধীন লিংকমেন দুগৰাকীয়ে আলফাৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল বুলি অভিযোগ আছে।

    আটকাধীন মহিলা লিংকমেনগৰাকী

    ইতিমধ্যে আৰক্ষীয়ে দুয়োগৰাকীকে সদৰ থানাত জেৰা অব্যাহত ৰাখিছে।

    উল্লেখ্য যে, আলফাই এইবাৰৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনোৱাৰ লগতে ১৫ আগষ্টৰ দিনটো অসম বন্ধ ঘোষণা কৰিছে।

    আলফাৰ এই ঘোষণাৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীয়ে ৰাজ্যৰ প্ৰায়বোৰ ব্যস্ত এলেকাতে নিৰাপত্তা কটকটীয়া কৰি তুলিছে।  

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং