আলফাত যোগ দিবলৈ গৈ আৰক্ষীৰ হাতত ধৰা পৰিল ৬ ছাত্ৰ, জব্দ ২খন আলফাৰ পতাকা

বৰ্তমানে বিদ্যালয়ত অধ্যয়নৰত কেউজন কিশোৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছতে আলফাত যোগদানৰ পৰিকল্পনা কৰিছিল

0
76
গহপুৰত আৰক্ষীৰ অভিযানত সোণৰ নাও উদ্ধাৰ, চাৰিজন লোক আটক
প্ৰতিকী ফটো

তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সাফল্য। আলফা(স্বা:)লৈ যাবলৈ যো-জা চলোৱা ৬ গৰাকী কিশোৰক উদ্ধাৰ আৰক্ষীৰ। এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে এই সন্দৰ্ভত লাভ কৰিছিল তথ্য। তিনিচুকীয়া আৰক্ষীৰ এটা দলে বৰডুমছা আৰক্ষীৰ সহযোগত বৰডুমছাৰ কঠালগুৰি, ৰিতু কঠালগুৰি, কুজুপথাৰ আৰু মিহলিৰিতু গাঁৱৰ ৬ গৰাকীকৈ কিশোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হ’য়।

কিশোৰ কেইজনৰ পৰা আলফাৰ দুখন পতাকাও উদ্ধাৰ কৰিছে আৰক্ষীয়ে। কিশোৰ কেইজনক আৰক্ষীয়ে ইতিমধ্যে মাৰ্ঘেৰিটাৰ আদালতত হাজিৰ কৰাবলৈ ৰাওনা হৈছে। আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি, বৰ্তমানে বিদ্যালয়ত অধ্যয়নৰত কেউজন কিশোৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছতে আলফাত যোগদানৰ পৰিকল্পনা কৰিছিল । যাৰবাবে মবাইলত ফেচবুকৰ মাধ্যমেৰে আলফাৰ সৈতে যোগাযোগ কৰিছিল কিশোৰ কেইগৰাকীয়ে।

Photo Credit: Time8 digital