উৰ্মিলা পাটগিৰি – শিক্ষাবৰ আৰু সমাজৰ কৰণীয়
শিক্ষাবৰ আৰু সমাজৰ কৰণীয় – মানৱ সম্পদ গঠনত মুখ্য সহায়ক হল শিক্ষক এজনৰ মহানুভৱতা। নিজৰ জ্ঞানৰ পৰিসীমাৰে শিশু এটিক সঠিক পথত অগ্ৰসৰ কৰোৱাত শিক্ষক এজনৰ যথেষ্ট দায়বদ্ধতা থাকে। কিন্তু জ্ঞান দিবলৈ যাওঁতে কিছুমান সমস্যাৰ সৃষ্টি হয়।
ছাত্ৰ ছাত্ৰী দুই ধৰণৰ দেখিবলৈ পোৱা যায়। কিছুমান চোকা আৰু কিছুমান একেবাৰে নিৰ্বুদ্ধি বা বুজিবলৈ সক্ষমতা কিছু কম থকা।
সেই সকলক Slow learner বুলি কলেও ভুল কোৱা নহব। এই দুৰ্বল জ্ঞানৰ ছাত্ৰ ছাত্ৰী বোৰক লৈ শিক্ষকৰ সমস্যা সদায় থাকে। কাৰণ ইহঁতে সময়ৰ সদব্যৱহাৰ কৰিব নোৱাৰে ফলত শ্ৰেণীৰ ৰিজাল্টত বা ফলাফলত সামঞ্জস্য নোহোৱা হয়।
শিক্ষকে নিৰ্দিষ্ট সময়ত সকলো ছাত্ৰ ছাত্ৰীক জ্ঞান দিবলৈ চেষ্টা কৰে যদিও দুৰ্বল খিনিয়ে লবলৈ বা গ্ৰহণ কৰাত ব্যৰ্থ হয়। আনহাতে দুৰ্বল খিনিৰ বাবে সময়ৰ সীমাবদ্ধতাই হেঙাৰ সৃষ্টি কৰে। আৰু সেই দুৰ্বল ছাত্ৰ ছাত্ৰী খিনিৰ বাবে তেতিয়া চোকা ছাত্ৰ ছাত্ৰী খিনিৰ যেন সময় অপচয় হে হয়।
ইফালে আকৌ ৰিজাল্ট বেয়া হলে হলেও সেই সকল শিক্ষকৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষৰ ককৰ্থনা। গতিকে সেই শিক্ষক সকলৰ বাবে অসহনীয় হৈ পৰে।
বৰ্তমান প্ৰাথমিক বিদ্যালয় সমূহত নতুনকৈ টেট উত্তীৰ্ণ শিক্ষকে নিযুক্তি লাভ কৰি অলপ হলেও প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ মানদণ্ড উন্নত হোৱা পৰিলক্ষিত হৈছে।
কিন্তু ইয়াৰ পূৰ্বে কিছুমান শিক্ষকৰ অৱস্থিতি ধৰা পৰিছিল যু সকলে বিদ্যালয়ত গৈ হামিয়াই হিকটিয়াই, টোপনিয়াই সময় পাৰ কৰা নজিৰ আছে।
কিছুমানে আকৌ ঠিৰা ভিত্তিত বা হাজিৰা দি শিক্ষক নিযুক্তি কৰি নিজে আন কামত ঘুৰি ফুৰাও বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত ধৰা পৰিছে।
গতিকে সমাজ সচেতন ব্যক্তি সকলে যদি অলপ কষ্ট কৰি এইবোৰ আঙুলিয়াই দি সমাজৰ উন্নতিৰ লগে লগে উপযুক্ত মানৱ সম্পদ গঠনত সহায়ক হয়, তেতিয়া আমাৰ অসমখনো নিশ্চয় এদিন দেশত জিলিকা ৰাজ্য হিচাপে পৰিগণিত হব।
( লেখিকা উৰ্মিলা পাটগিৰি ধুবুৰীৰ ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অসমীয়া আৰু হিন্দী বিভাগৰ অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী, প্ৰকাশিত প্ৰবন্ধত উল্লেখ কৰা মতামত লিখকৰ নিজস্ব আৰু সেই মতামতে TIME8ৰ বক্তব্য প্ৰতিফলিত নকৰিবও পাৰে। )
আৰু পঢ়ক : জম্মু আৰু কাশ্মীৰত হাই এলাৰ্ট জাৰি, হাই-স্পীড ইণ্টাৰনেট সেৱা বাতিল