ইউৰিক এচিডৰ মহৌষধ এইবিধ বনশাক, লগতে আছে অন্যান্য গুণো
বৰ্তমানৰ সমসয়ত মানুহৰ সততে দেখা পোৱা সমস্যা বোৰৰ ভিতৰত এবিধ অন্যতম হৈছে ইউৰিক এচিডৰ সমস্যা। যাৰ বাবে বহু লোকেই বহু খাদ্য় গ্ৰহণ কৰিব নোৱাৰে। চিকিৎসকৰ পৰামৰ্শ অনুযায়ী নিয়মিত ঔষধৰ সেৱন কৰি থাকিব লাগে।
পাছে এই ইউৰিক এচিডৰ সমস্যাৰ সমাধান আছে এবিধ বনৰীয়া শাকত। যাৰ আঞ্জা বনাই খালে সোনকালেই নিয়ন্ত্ৰণলৈ আহে এই সমস্যা। এইবিধ শাকৰ নাম হৈছে পনৌনোৱা বা পুনৰ্ণৱা। ঠাইভেদে ইয়াৰ নাম বেলেগ বেলেগ।
বিশ্বত এইবিধ লতা শাকৰ কমেও ৪০ বিধ মান ভিন্ন প্ৰজাতি পোৱা যায় কিন্তু ভাৰতবৰ্ষত সাধাৰণতে ইয়াৰ কেৱল চাৰিটা প্ৰজাতিহে উপলব্ধ ৷ সচৰাচৰ অসমত বগা আৰু ৰঙা এই দুই বৰণৰ পনৌনৱা শাকহে দেখিবলৈ পোৱা যায়।
ইউৰিক এচিড সমস্যাত ই অতিকে উত্তম। যিসকল ব্যক্তি এই সমস্যাত ভুগি আছে তেওঁলোকে মাজে মাজে পনৌনোৱা শাকৰ আঞ্জা খালে উপকৃত হব।৷
ছালৰ বিভিন্ন সমস্যাতো ই উপকাৰী। কাৰণ আমাৰ শৰীৰৰ পৰা অলাগতিয়াল বৰ্জিত পদাৰ্থ বা toxins নিষ্কাষণ কৰাত ই সহায় কৰে।
শৰীৰৰ ওজন নিয়মীয়া কৰি ৰখাতো পুননৌৱা সহায়ক ৷ এই শাক পশুৰ খাদ্য হিচাপে উত্তৰ ভাৰতত বহুতে ব্যৱহাৰ কৰে।
ই কলেষ্টৰল নিয়ন্ত্ৰণ কৰাতো সহায় কৰে। গতিকে হাৰ্টৰ সুৰক্ষা কৰে।
পুননৌৱা পেৰালাইচিচৰ চিকিৎসাতো ব্যৱহৃত হয়। এচামুচ পুননৌৱা পাউদাৰৰ সৈতে আধাচামুচ পিপলি মিহলাই খোৱালে হাঁপানি আৰু ব্ৰংকাইটিচ ৰোগ ভাল হয় ৷
চৰ্দি, কাহ, এলাৰ্জি বা অন্যান্য শ্বাস প্ৰশ্বাস জনীত ৰোগতো ই উপকাৰী।
কিডনি স্টোন সমস্যাটো ই উপকাৰী। কাৰণ ই কিডনিৰ কার্যক্ষমতা বৃদ্ধি কৰে আৰু পেচাবৰ পৰিমাণ বঢ়ায়।
লিভাৰৰ বিভিন্ন সমস্যা যেনে জণ্ডিচ, ফেঁটি লিভাৰ আদিতো ই উপকাৰী।
পাছে ইয়াৰ উপকাৰিতাৰ সমানে অপকাৰিতাও দেখা যায়। ইয়াৰ অক্যধিক সেৱনে ডায়েৰিয়াৰ সমস্যা হোৱা দেখা যায়। গৰ্ভৱতী মহিলা আৰু ৮বছৰৰ তলৰ শিশুক পনৌনৱা ঔষধি হিচাবে দিয়া নাযায় ৷